কৰ্ণ আছিল এজন মহান বীৰ, যাৰ বীৰত্বৰ গাঁথা বহু চৰ্চিত আছিল আৰু ভগৱান কৃষ্ণ আৰু ভীষ্ম পিতামহৰ মতে যুদ্ধক্ষেত্ৰত অৰ্জুনক পৰাস্ত কৰিবপৰা একমাত্ৰ যোদ্ধা আছিল। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ ৰজাসকলক পৰাস্ত কৰি, দুৰ্যোধনক বিশ্বৰ একচ্ছত্ৰী সম্ৰাট ৰূপে প্ৰতিষ্ঠা কৰিবলৈ একমাত্ৰ তেওঁ অকলেই দিগ্বিজয় যাত্ৰা সম্পন্ন কৰিছিল।