উদ্ভিদ দেহত খাদ্য সংক্ৰমণ বা খাদ্য স্থানান্তৰণ কি কলাৰ দ্বাৰা সংঘটিত হয় ?

উদ্ভিদৰ দেহত খাদ্যৰ সংবহন ফ্লোৱেম কলাৰ দ্বাৰা ঘটে। জাইলেম কলাৰ যোগেদি হোৱা সংবহনক সৰল ভৌতিক বলৰ সহায়ত সংঘটিত হয় বুলি বৰ্ণনা কৰিব পাৰি যদিও ফ্ল’ৱেমৰ যোগেদি সংঘটিত খাদ্য সংক্ৰমণ বা খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়াত শক্তি ব্যৱহাৰ কৰিহে সম্পন্ন হয় ।