নিষেচন কাক বোলে ?

প্ৰজনন প্ৰক্ৰিয়াৰ প্ৰথম স্তৰ হৈছে শুক্ৰাণু আৰু ডিম্বাণু মিলন। এই শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনক নিষেচন বোলে। নিষেচন সময়ত শুক্ৰাণু কোষকেন্দ্ৰ আৰু ডিম্বাণু কোষকেন্দ্ৰ মিলিত হৈ এটা নতুন কোষকেন্দ্ৰ গঠন হয়। ইয়াৰ ফলত এটা যোজন কোষৰ সৃষ্টি হয় আৰু এই যোজন কোষৰ পৰাই এটা নতুন জীৱৰ আৰম্ভণি হয়।