সমবৃত্তি অংগ কাক বোলে ? উদাহৰণ দিয়া ?

যিবােৰ অংগৰ গঠন আৰু উৎপত্তিৰ দিশৰ পৰা ভিন ভিন কিন্তু কার্যৰ ফালৰ পৰা প্ৰায় একেই তেনেবিলাক অংগকে সমবৃত্তি অংগ বােলে। উদাহৰণ-পখিলাৰ পাখি, বাদুলিৰ ডেউকা।

সমসংস্থ অংগ কাক বোলে ? উদাহৰণ দিয়া ?

 যিবােৰ অংগৰ উৎপত্তি আৰু মৌলিক গঠন প্রায় একেই কিন্তু কার্যৰ ফালৰ পৰা বেলেগ তেনেবােৰ অংগকে সমসংস্থ অংগ বােলে। উদাহৰণ চৰাইৰ ডেউকা, ভেকুলীৰ আগ ঠেং।