বেলাড কাক বোলে ?

প্ৰাচীন কালত নৃত্যৰ লগত গোৱা গীতকে ‘বেলাড’ বোলে। বেলাডসমুহে কোনো প্ৰতিভাসম্পন্ন প্ৰাণৰ কাহিনী কোৱাৰ চেষ্টা কৰে। সকলো দেশতে কিছুমান মুখে মুখে প্ৰচলিত গীত তথা কাহিনী পোৱা যায়। এইবোৰত দিঁঠকৰ লগত কল্পনাৰ মিলন হয়, যিবোৰ সাধু নতুবা আখ্যানত প্ৰকাশ পায়।

পোহৰ প্ৰতিফলন কাক বোলে ?

কোনো উৎসৰ পৰা নিৰ্গত পোহৰ ৰশ্মি এক স্বচ্ছ মাধ্যমৰ মাজেৰে আপতিত হৈ অন্য এক মাধ্যমত ঠেকা খাই পুনৰ আগৰ মাধ্যমলৈ উভতি যোৱা পৰিঘটনাটোক পোহৰৰ প্ৰতিফলন বোলে।

মালিতা কাক বোলে ? ই কেইপ্ৰকাৰৰ আৰু কি কি ?

মালিতাক গীতিবেঞ্জক কাহিনী বা কাহিনী জড়িত গীত দুয়োটাই আখ্যা দিব পাৰি। মালিতাৰ প্ৰাথমিক লক্ষণ গীতিধৰ্মিতা। মালিতাৰ বিষয়বস্তুৰ ধাৰাবাহিকতা ৰক্ষা কৰা হয়। গীতিধৰ্মিতাই মালিতাৰ মুখ্য লক্ষণ হ’লেও কাহিনী অবিহনে মালিতা হ’ব নোৱাৰে।