বৰগীত কি ?

অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ হোতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত, উচ্চ আধ্যাত্মিক ভাৱপূৰ্ণ, নিৰ্দিষ্ট ৰাগ বিশিষ্ট, এক বিশেষ শৈলীৰে গোৱা গীতসমূহকেই বৰগীত বোলা হয়। বৰগীতসমূহ শ্ৰীকৃষ্ণৰ ভক্তিৰ ব্যাখ্যাৰে ব্ৰজাৱলী ভাষা ৰচিত।