বৃক্কৰ প্ৰধান কাৰ্য কি ?

বৃক্কৰ প্ৰধান কাৰ্য হ’ল নেফ্রনৰ সহায়ত দেহৰ অপ্ৰয়োজনীয় পানী, বিপাক ক্ৰিয়াৰ ফলত সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ ক্ষতিকাৰক নাইট্ৰজেনযুক্ত তথা নাইট্ৰজেনবিহীন বর্জ্য পদাৰ্থ আৰু অন্যান্য অপ্রয়োজনীয় অজৈৱ আৰু জৈৱ যৌগ ৰক্তস্রোতৰ পৰা পৃথক কৰি মূত্র উৎপাদন কৰা আৰু দেহৰ বাহিৰত নিষ্কাশন কৰা।