১৭। ধ্বনি স্বৰূপ সম্পৰ্কে চমুকৈ লিখা।ষ

উত্তৰঃ ভাষাৰ মূল হৈছে ধ্বনি। ধ্বনিৰ সাধাৰম বিশ্লেষণৰ বাবে ধ্বনিবিজ্ঞানৰ প্ৰয়োজন। ভাষাব্জ্ঞান এটা বিশিষ্ট ভাগ হৈছে ধ্বনিবিজ্ঞান। আমাৰ বাগ্যন্ত্ৰৰ দ্বাৰা উচ্চাৰিত ধ্দনিসমূহৰ সমস্তজ্ঞানৰ বিতং বিৱৰণ ধ্বনিবিজ্ঞানৰ বিষয়বস্তু। ধ্বনিৰ উচ্চাৰক যন্ত্ৰ হৈছে বাগিন্দ্ৰিয়। বাগিন্দ্ৰিয়ৰ সহায়ত কেনেকৈ ধ্বনি উৎপন্ন কৰা হয়, ধ্বনিসমূহৰ গুন আৰু লক্ষণ,ধ্বনি উচ্চাৰণৰ বিভিন্ন কৌশল বা ধৰণ আৰু স্থান এইবোৰক প্ৰকৃতি বা শ্বৰূপ ধ্বনিবিজ্ঞানত বিশ্লেষণ কৰা হয়। তদুপৰি ধ্বনিবিজ্ঞানত ধ্বনিৰ প্ৰকাৰ ভেদ হ্ৰস্বদীৰ্ঘ, অনুনাসিকতা,যুগ্মতা আদি সম্পৰ্কেও খৰচি মাৰি আলোচনা কৰা হয়। ধ্বনিব্জ্ঞানত কোনো এটা বিশেষ ভাষাৰ বিষয়ে অধ্যয়ণ চলোৱা নহয়। সামগ্ৰিকভাৱে পৃথিৱীৰ ভাষাসমূহত উচ্চাৰিত হোৱা ধ্বনিসমূহৰ সাধাৰণ বিশ্লেষণ আগবঢ়োৱা হয়।

ধ্বনি বিজ্ঞানৰপ্ৰধান কাম হ’ল-

বাগিন্দ্ৰিয়ৰ দ্বাৰা উৎপাদিত ধ্বনিসমূহৰ তাত্ত্বিক আৰু প্ৰায়োগিক দিশৰ অধ্যয়ণ কৰা হয়। ধ্বনিসমূহৰ উচ্চাৰণ বিশেষত্ব অনুসৰি ধ্বনি প্ৰকাৰ আৰু পৰিভাষা নিৰ্ণয় কৰা পৃথিৱীৰ সকলো ভাষাৰে উচ্চাৰিত ধ্বনি সমূহৰ বিচাৰ বিশ্লেষণ কৰা।

বাগিন্দ্ৰয় অৰ্থাৎ নাসিকা বিধৰ,ঘটিকা বা কণ্ঠ, স্বৰতন্ত্ৰী গলকোষ, তালুকা, ওঠ, দাঁত, জিভা আদিয়ে ধ্বনিসমূহৰ উৎপাদনত কেনেদৰে কাম কৰে এই সম্পৰ্কেও ধ্বনিবিজ্ঞানত আলোচনা কৰা হয়।

এককথাত ধ্বনিবিজ্ঞান হ’ল এনে এক বিজ্ঞান য’ত মানুহৰ ভাষাৈৰ ধ্বনিসমূহৰ বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা হয়। ধ্বনিৰ আবয়বিক গুণসমূহ চিনাক্ত তথা শ্ৰেণীভূক্ত কৰি ইৰ্হতক বিশ্লেষণ কৰাৰ চেষ্টা কৰে। ধ্বনিবিজ্ঞানত মূলত তিনিটা শাখা আছে।সেয়া হ’লঃ