১৩। মহাভাষ্য প্ৰদীপঃ কৈয়্যট সম্পৰ্কে বুজাই লিখা।

উত্তৰঃ আনুমানিক খ্ৰীঃ একাদশ শতিকাৰ কাশ্মীৰী বৈয়াকৰণ কৈয়্যটে পতঞ্জলিকৃত সহাভাষ্যৰ অনুতপম ভাষ্য-প্ৰদীপ ৰচনা কৰে। ভাষ্যখন পাণিনীয় ধাৰাৰ সৰ্বশেষ ব্যাকৰণ শাস্ত্ৰ ৰূপে চিহ্নিত হৈছে। গ্ৰন্থখনত ভৰ্তৃহৰিৰ বাক্যহৰিৰ বাক্যপদীয়ৰ অনুকৰণ স্পষ্ট। ভৰ্তৃহৰিৰ পৰা কৈয়্যট পৰ্যন্ত, অৰ্থাৎ খ্ৰীঃ শতাব্দীৰ পৰা দশম শতাব্দী পৰ্যন্ত মাজৰ এই সময়ছোৱাত পাণিনীয় ধাৰাৰ তেনে কোনো উল্লেখনীয় ব্যাকৰণ পুথি ৰচিত হোৱা দেখা নাযায়। দেশৰ ৰাজনৈতিক পৰিস্থিতি ক্ৰমশঃ অস্থিৰ হৈ অহা আৰু সংস্কৃত ভাষাই বিৱৰ্তনৰ গতিপথত নতুন সাজ পৰিগ্ৰহণ কৰাই ইয়াৰ মূল কাৰণ। বিশেষকৈ দেশৰ উত্তৰ-পশ্চিম সীমান্তই দি সঘনে ঘটি থকা বিদেশী আক্ৰমনে সাহিত্য সংস্কৃতি চিন্তৈাৰ পৰিৱেশ সম্পূৰ্ণৰূপে বিনষ্ট কৰাত, ব্যাকৰণৰ দৰে তত্ত্ব গধুৰ বিষয়ৰ চিন্তা-চৰ্চা প্ৰায় অসম্ভৱ হৈ পৰিছিল। সেই হেতুকে এইছোৱা সময়ত মৌলিকতাহীন সীমিত সংখ্যক ব্যাকৰণ গ্ৰন্থ কেইখনমানহে ৰচিত হোৱা দেখা যায়। দাৰচলতে ভৰতবৰ্ষত মোগল সাম্ৰাজ্য স্থাপন হোৱাৰ পৰাহে ব্যাকৰণ চৰ্চাই পুণৰ এক নতুন গতি লাভ কৰিবলৈ সমৰ্থ হয়।