১১। প্ৰাকৃত প্ৰকাশঃ বৰৰুচি সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ সংস্কৃত ব্যাকৰণ পৰম্পৰাৰ এগৰাকী উল্ল্েখশোগেয বৈয়াকৰম দৈছে বৰৰুচি। এওঁৰ প্ৰাকৃত প্ৰকাশ দৰাচলতে প্ৰাকৃত ভাষাৰহে অন্যতম প্ৰাচীন ব্যাকৰণ। সেয়ে হ’লেও, ওং সংস্কৃত ব্যাকৰণ সম্বন্ধেও ভালেখিনি কাম কৰি থৈ গৈছে।

কাশনীৰীয় বৃহৎকথা আৰু সোমদেৱৰ কথা সৰিৎ সাগৰ অনুসাৰে, বৰৰুচি পাণিনিৰ বিৰোধী তথা ৰজা নন্দৰ মন্ত্ৰী আছিল। তিব্বতী ঐতিহাসিক তাৰনাথে আকৌ এওঁৰ ৰজা উদয়নৰ ৰাজৃ-পুৰোহিত আৰু নাগাৰ্জুনৰ সমসাময়িক বুলি মন্তব্য কৰিছে। অন্য এক পৰম্পৰা মতে এওঁ ৰজা বিক্ৰমাদিত্যৰ ৰাজসভাৰ নৱৰত্নৰ অন্যতম উজ্জ্বল ৰত্ন। কিছুমানে আকৌ ব্যাকৰণ কাত্যায়নকে বৰৰুচি বুলিছে। কিন্তু উইন্টাৰনিজেএই মত খণ্ডন কৰি এওঁক এগৰকী জনপ্ৰিয় লেখক ৰূপহে স্বীকাৰ কৰিব খোজে। সম্ভৱতঃ প্ৰচলিত পৰম্পৰা অনুসৰণ কৰি সুনাম অৰ্জনৰ আশাৰে এওঁ নিজৰ নামটো কাত্যায়নৰ সৈতে একাকাৰ কৰিছে।