গণতান্ত্ৰিক ব্যৱস্থা মানে কি?

উত্তৰঃ গণতান্ত্ৰিক শাসন ব্যৱস্থাত চৰকাৰ জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি, যেনে সংসদীয় সদস্যৰ দ্বাৰা গঠিত হয়। চৰকাৰৰ মৌলিক দায়িত্ব জনসাধাৰণৰ অভিপ্ৰায় অনুযায়ী দেশৰ নিৰাপত্তা বিধান কৰা, সমাজৰ শান্তি বজায় ৰখা, মানুহৰ সা-সম্পত্তি ৰক্ষা কৰা আৰু বিবাদৰ ক্ষেত্ৰত বিচাৰকাৰ্য পৰিচালনা কৰা।