প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা মানে কি?

উত্তৰঃ পূৰ্বতে ১০০ টকাৰ কাগজী মুদ্ৰা ১০০ টকা মূল্যৰ সোণ বা ৰূপলৈ ৰূপান্তৰিত হৈছিল। এনে কাগজী মুদ্ৰাক প্ৰতিনিধিত্বমূলক (সোণ বা ৰূপৰ প্ৰতিনিধি)বা পৰিবৰ্তনীয় কাগজী মুদ্ৰা বোলা হৈছিল।

আমাৰ দেশৰ হিচাপ-নিকাচৰ মুদ্ৰাটোৰ নাম কি?

উত্তৰঃ আইনৰ দ্বাৰা স্বীকৃত বাবে ইয়াক বিহিত মুদ্ৰা (Legal Tender money) বুলিও কোৱা হয়। বিহিত মুদ্ৰা দুই প্ৰকাৰৰ। অসীম বিহিত মুদ্ৰা(Unlimited Legal Tender Money)এইবিধ মুদ্ৰাৰ দ্বাৰা যিকোনো পৰিমাণৰ মুল্য পৰিশোধ কৰিব পৰা যা্য়। উদাহৰণ হিছাবে, ভাৰত বৰ্ষত প্ৰচলিত ৫০ পইচা, এটকাৰ ওপৰৰ সকলো মুদ্ৰাকে অসীম বিহিত মুদ্ৰা বোলে।

চলিত আমানত কি?

উত্তৰঃ –চলিত আমানত হৈছে এনে একধৰণৰ আমানত ব্যৱস্থা যত সঞ্চয়কাৰীয়ে যিকোনো সময়তে নিজৰ সঞ্চয় চেকৰ যোগেদি উলিয়াই আনিব পাৰে।