ক’লা মুদ্ৰা কিদৰে সৃষ্টি হয়?

উত্তৰঃ দুর্নীতি, অনিয়ম, অবিচাৰৰ গুৰিতেই মুদ্ৰা বুলি ক’লে অত্যুক্তি কৰা নহ’ব। মুদ্ৰাৰপৰা ক’লা মুদ্ৰাৰ সৃষ্টি হয়। ক’লা মুদ্রা অর্থনৈতিক অপৰাধ (যেনে আয়কৰ ফাকি)ৰ সৈতে জড়িত। এনেবোৰ অপৰাধৰ ফলত চৰকাৰে ৰাজহ হেৰুৱাব লগা হয়।

বেংক কেই প্ৰকাৰৰ কি কি?

উত্তৰঃ বেংক কেইবা প্ৰকাৰৰ আছে। তাৰে বইতৰত আমি জানিবলগীয়ৈ বেংককেইটা হ’ল – (১) কেন্দ্ৰীয় বেংক (২) বাণিত্যিক বেংক (৩) আঞ্চলিক গ্ৰাম্য বেংক, (৪) ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক (৫) ভাৰতীয় ক্ষুদ্ৰ উদ্ৰ্যোগ বিকাশ বেংক আৰু (৬) ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক Read More …

মুদ্ৰা কেই প্ৰকাৰৰ কি কি?

উত্তৰঃ মুদ্ৰা দুই প্ৰকাৰৰ। অসীম বিহিত মুদ্ৰা(Unlimited Legal Tender Money)এইবিধ মুদ্ৰাৰ দ্বাৰা যিকোনো পৰিমাণৰ মুল্য পৰিশোধ কৰিব পৰা যা্য়। উদাহৰণ হিছাবে, ভাৰত বৰ্ষত প্ৰচলিত ৫০ পইচা, এটকাৰ ওপৰৰ সকলো মুদ্ৰাকে অসীম বিহিত মুদ্ৰা বোলে।

মুদ্ৰাৰ তিনিটা বৈশিষ্ট্য লিখা?’

উত্তৰঃ (ক)মুদ্ৰাৰ সাধাৰণ গ্রহণযােগ্যতা থাকিব লাগিব নহলে ই বিনিময়ৰ মাধ্যম হ’ব নােৱাৰে। (খ) মুদ্ৰাৰ গ্রহণযােগ্যতা সহজ হ’ব লাগিব। (গ) আন সকলাে সামগ্ৰীতকৈ ই বেলেগ হ’ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ’লে সামগ্রী বেচা-কিনাত জটিলতাই দেখা দিব।