মুদ্ৰাৰ তাৰল্য গুণ বুলিলে কি বুজা?

উত্তৰঃ  যিকোনাে মুদ্ৰাক সমমূল্যৰ সা-সামগ্রীলৈ তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰ কৰিব পৰা গুণটোক মুদ্ৰাৰ তাৰল্য গুণ’ বুলি কোৱা হয়। 

মুদ্ৰাৰ তিনিটা বৈশিষ্ট্য লিখা?

উত্তৰঃ মুদ্ৰাৰ তিনিটা বৈশিষ্ট্য হ’ল – বৈশিষ্ট্য হৈছে— ১।মুদ্ৰাৰ সাধাৰণ গ্রহণযােগ্যতা থাকিব লাগিব নহলে ই বিনিময়ৰ মাধ্যম হ’ব নােৱাৰে। ২।মুদ্ৰাৰ গ্রহণযােগ্যতা সহজ হ’ব লাগিব। ৩।আন সকলাে সামগ্ৰীতকৈ ই বেলেগ হ’ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ’লে সামগ্রী বেচা-কিনাত জটিলতাই দেখা দিব।

মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা?

উত্তৰঃ : মুদ্রাক সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ বুলি কোৱা হয় কাৰণ সা-সামগ্রী যেনে— মাছ, কণী বেছি দিনলৈ সঞ্চয় কৰি ৰাখিব নােৱাৰি। মুদ্রা ব্যৱস্থাত মুদ্রা সঞ্চয় কৰি ৰাখিব পাৰি। সামগ্ৰীৰ দৰে মুদ্রা নষ্ট হৈ নাযায়।