কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱপক্ষই ৰচনা কৰা যুদ্ধৰ বেহুবোৰৰ নাম কি আছিল?

উত্তৰঃ কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱপক্ষই ৰচনা কৰা যুদ্ধৰ বেহুবোৰৰ নাম আছিল – মকৰবেহুক বজ্ৰবেহু, ত্ৰিশূলবেহু ইত্যাদি।

কুৰুক্ষেত্ৰৰ যুদ্ধত ভীমৰ হাতত প্ৰাণ ত্যাগ কৰা দুৰ্যোধনৰ ভাতৃ বাৰজনৰ নাম উল্লেখ কৰা?

উত্তৰঃ কুৰুক্ষেত্ৰৰ যুদ্ধত ভীমৰ হাতত প্ৰাণ ত্যাগ কৰা দুৰ্যোধনৰ বাৰজন ভাতৃৰ নাম হ’ল – দুৰ্মৰ্ষ, দুঃসহ, দুৰ্মত, দুৰ্দ্ধৰ জয়, চিত্ৰ, উপচিত্ৰ, চিত্ৰাক্ষ, চাৰুচিত্ৰ, সুৰসেন, চিত্ৰায়ুধ আৰু চিত্ৰবৰ্মন।

ভীষ্মই কুৰ্মবেহু ৰচনা কৰাৰ দিনা পাণ্ডৱসকলক সেনাধ্যক্ষ ধৃষ্টদ্যুম্নই কি বেহু পাতিছিল?

উত্তৰঃ ভীষ্মই কুৰ্মবেহু ৰচনা কৰাৰ দিনা পাণ্ডৱৰ সেনাধ্যক্ষ ধৃষ্টদ্যুম্নই ত্ৰিশূল বেহু পাতিছিল।