বংগ বিভাজন কি আছিল? ইয়াৰ দুটা গুৰুত্বপূৰ্ণ ফলাফল উল্লেখ কৰা?

উত্তৰঃ ভাৰতত সাম্প্রদায়িকতাৰ বীজ ৰােপণ কৰি হিন্দু আৰু মুছলমানসকলৰ মাজত বিভাজন ঘটাই ইংৰাজসকলৰ স্বার্থ সিদ্ধি কৰাই বংগ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্য আছিল।

ভাৰতত স্বদেশী আন্দোলনত মহিলাৰ অৱদান চমূকৈ লিখা?

উত্তৰঃ (খ) স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা – সকলো ধৰণৰ সামাজিক বাধা অতিক্রম কৰি বংগদেশৰ মধ্যবিত্ত নগৰীয়া নাৰী সমাজে পুৰুষৰ লগত সমানে সমানে স্বদেশী আন্দোলনত অংশগ্রহণ কৰিছিল। স্বদেশী আন্দোলনৰ অগ্রণী নাৰীসকলৰ ভিতৰত এগৰাকী আছিল সৰলা দেৱী চৌধুৰীণী (১৮৭৪-১৯৩৩)।

স্বদেশী আন্দোলনৰ তিনিটা অৱদান আলোচনা কৰা?

উত্তৰঃ স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা। (১) স্বদেশী আন্দোলনে ভাৰতবাসীৰ মনত জাতীয়তাবাদৰ ভাব জগাই তুলিছিল। (২) জনসাধাৰণে বিদেশী পণ্য বর্জন কৰিবলৈ লৈছিল ফলত স্বদেশী শিল্পই গা কৰি উঠিছিল। (৩) দেশত স্বদেশী শিক্ষা অর্থাৎ জাতীয় শিক্ষাৰ ঢৌ উঠি বহুতাে জাতীয় বিদ্যালয়, কলেজ আদি গঢ়লৈ উঠিছিল।