ওজাপালিৰ দুটা ভাগৰ নাম লিখা আৰু উদাহৰণ দিয়া?

উত্তৰঃ ওজাপালি অনুষ্ঠানক বিষয়বস্তু ফালৰ পৰা দুটা ভাগত ভগাব পাৰি। মহাকাব্য আশ্ৰয়ীক আকৌ সাঁতোটা ভাগত ভগাব পাৰি। এইধৰণৰ শ্ৰেণীবিভাজন তথ্যসমৃদ্ধ হ’লেও আধুনিক সময়ত ওজাপালিক জীৱিত ৰূপত যি দুইধৰণেৰে পোৱা যায় সেয়া হ’ল—সুকনান্নী ওজাপালি আৰু ৰামায়ণ বা সভাগোৱা ওজাপালি। কামৰূপত ৰামায়ন গোৱা ওজাক সভা গোৱা ওজা বোলে।