জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল?

উত্তৰঃআনুমানিক খ্ৰীষ্টিয় সপ্তদশ শতিকাৰ মাজভাগত গদাধৰ সিংহৰ শাসন কালত অসমলৈ অহা আজান ফকীৰে অতি কম সময়ৰ ভিতৰতে অসমীয়া মাত কথা সুন্দৰকৈ শিকি জিকিৰ আৰু জাৰি গীত ৰচনা কৰিছিল।

অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?

উত্তৰঃ ভট্টদেৱ (ইংৰাজী: ১৫৫৮ – ১৬৩৮) অসমৰ শঙ্কৰোত্তৰ কালৰ কবিসকলৰ ভিতৰত অন্যতম। ভট্টদেৱে সমসাময়িক সাহিত্যৰ প্ৰচলিত মাধ্যম পৰিহাৰ কৰি নতুন মাধ্যম এটা গ্ৰহণ কৰিবলৈ আগবঢ়াত যথেষ্ট সাহসৰ পৰিচয় দিছিল। সেয়ে এওঁক অসমীয়া গদ্য সাহিত্যৰ জনক আখ্যা দিয়া হয়।