অসমীয়া ভাষাৰ উন্নতি সাধনী সভা গঠনৰ অন্তৰালত থকা ব্যক্তি সকল কোনকোন আছিল?

উত্তৰঃ ই আছিল অসম সাহিত্য সভাৰ পূৰ্বৱৰ্তী পৰ্যায়। সভাৰ প্ৰথম সম্পাদক আছিল শিৱৰাম শৰ্মা বৰদলৈ। অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠনৰ মুখ্য উদ্দেশ্য আছিল অসমীয়া ভাষা-সাহিত্যৰ উন্নতি সাধন। এইটো সংগঠনেই প্ৰথম অসমীয়া ভাষাক আধুনিক ৰূপ প্ৰদান কৰিছিল।

অসমৰ কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমূ ইতিহাস লিখা?

উত্তৰঃ ১৯৬৯ চনৰ ১ এপ্ৰিলত যোৰহাটত স্থাপিত হোৱা এই বিশ্ববিদ্যালয় খনে অসমত কৃষি শিক্ষা, গৱেষণা আৰু কৃষি সম্প্ৰসাৰণৰ হকে কাম কৰি আহিছে। প্ৰথমে যোৰহাটৰ অসম কৃষি মহাবিদ্যালয় আৰু গুৱাহাটীৰ অসম পশু চিকিৎসা মহাবিদ্যালয় দুখনক কেন্দ্ৰ বিন্দু হিচাপে লৈ এই বিশ্ববিদ্যালখন আৰম্ভ কৰা হৈছিল।

অসমত অসহযোগ আন্দোলনত নেত্ব দিয়া অসমীয়া নেতাসকলৰ বিষয়ে উল্লেখ কৰা?

উত্তৰঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত অসহযোগ আন্দোলন এক গুৰুত্বপূৰ্ণ অধ্যায়।ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বৰ এই আন্দোলনে ১৯২০ চনৰপৰা ১৯২২ চনলৈ চলিছিল।