সিন্ধু সভ্যতাৰ পতন কেতিয়া হৈছিল?

উত্তৰঃ ১৮০০ খ্ৰী:পূ:ৰ পৰাই সিন্ধু সভ্যতাৰ পতন আৰম্ভ হয় আৰু ১৭০০ খ্ৰী:পূ:লৈ ইয়াৰ প্ৰায়ভাগ নগৰেই বৰ্জিত হৈ পৰে। ১৯৫৩ চনত মৰ্টিমাৰ হুইলাৰে মধ্য এচিয়াৰ আৰ্যসকলৰ আগমনেই সিন্ধু সভ্যতাৰ পতনৰ কাৰক হোৱাৰ সম্ভাৱনীয়তাৰ কথা ব্যক্ত কৰে।

সিন্ধু সভ্যতাৰ বিকাশৰ সময় কেতিয়া?

উত্তৰঃ সিন্ধু সভ্যতা (ইংৰাজী: Indus Valley Civilization) হৈছে ব্ৰঞ্জ যুগত (৩৩০০–১৩০০ খ্ৰীষ্টপূৰ্ব; পূৰ্ণতা প্ৰাপ্তি ২৬০০–১৯০০ খ্ৰীষ্টপূৰ্ব, প্ৰাক-হৰপ্পা সংস্কৃতিৰ আৰম্ভণি ৭৫০০ খ্ৰীষ্টপূৰ্ব) ভাৰত উপমহাদেশৰ উত্তৰ-পশ্চিম প্ৰান্ত, বৰ্তমানৰ পাকিস্তান) আৰু আফগানিস্তানৰ উত্তৰ-পূবৰ কিছু অংশ সামৰি বিৰাজিত এক সভ্যতা।