সম্পদ বুলিলে কি বুজায়? উদাহৰণসমূহ ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰাল?

উত্তৰঃ মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। উদাহৰণ বায়ু, পানী, সূৰ্যৰ, ৰশ্মি, মাটি, গছ-গছনি ফল-মূল আদি।

অৰ্থনৈতিক ভূগোল’ ৰ সংজ্ঞা লিখা? ইয়াৰ বিষয়বস্তু কি?

উত্তৰঃ ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কার্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল বোলে।

সম্পদ বুলিলে কি বুজা?ইয়াৰ প্ৰধান বৈশিষ্ট্য সমূহৰ যি কোনো এটা উল্লেখ কৰা?

উত্তৰঃ  মানুহৰ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। যিহেতু পৃথিৱীত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদার্থ, শস্য আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল, সেয়ে এইবোৰ সম্পদ।

মানুহক কিয় মানৱ সম্পদ বোলা হয়?

উত্তৰঃ মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে— ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত মানৱ সম্পদ বোলা হয়।