অৰ্থনৈতিক ভূগোলৰ এটা শাখাৰ নাম লিখা?

উত্তৰঃ অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখা বোৰ হ’ল-কৃষি ভূগোল,ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল আদি।

অৰ্থনৈতিক বৃত্তি বা কাৰ্য কেই প্ৰকাৰৰ?

উত্তৰঃ প্রাথমিক বৃত্তিৰ উদাহৰণ হৈছে–কৃষিকাৰ্য, পশুপালন, মৎস্যপালন। দ্বিতীয় বৃত্তিৰ উদাহৰণ হৈছে—শিল্পদ্যোগ, কলকাৰখানা আদিত কৰা কাম। তৃতীয়ক বৃত্তিৰ উদাহৰণ হৈছে—স্বাস্থ্য খণ্ড, শিক্ষা, পর্যটন আদিত নিয়োজিত লোক আদি। চতুৰ্থক বৃত্তিৰ উদাহৰণ হৈছে–বেংক, বাণিজ্য, জীৱনবীমা, প্রশাসন, গৱেষণা আদিত জড়িত সকল।