মানুহৰ মৌলিক প্ৰয়োজন কি কি?

উত্তৰঃ আমাৰ মৌলিক প্ৰয়োজন সমূহ হৈছে- আহাৰ,সাজপাৰ আৰু বাসস্থান। মানুহৰ জীৱন ধাৰণৰ বাবে আহাৰ,সাজপাৰ আৰু বাসস্থান ৰ প্ৰয়োজন আটাইতকৈ বেছি। এইকেইবিধ বস্তুৰ অবিহনে মানুহৰ জীৱন ধাৰণ অসম্ভৱ হৈ পৰে,সেয়ে এইবোৰক মৌলিক প্ৰয়োজন বুলি কোৱা হয়।

সম্পদ বুলিলে কি বুজা?

উত্তৰঃ মানুহৰ অভাৱ পূৰণ কৰিব পৰা যিকোনো প্রকৃতি প্রদত্ত বস্তু বা মানুহে সৃষ্টি কৰা সামগ্ৰীক সম্পদ বুলি কোৱা হয়। অর্থাৎ প্ৰকৃতিৰ পৰা গোৱা বা মানুহৰ দ্বাৰা সৃষ্ট যিবোৰ বস্তু বা পদার্থই মানুহৰ কল্যাণ সাধন কৰে, সেইবোৰ বস্তুক সম্পদ বোলা হয়।

অৰ্থনৈতিক ভূগোল বুলিলে কি বুজা?

উত্তৰঃ ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কার্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল বোলে।