তৃতীয় বৃত্তি কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বোলে। যেনে – যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিত্ৰুী, পৰ্যটন, যোগাযোগ আদিৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যসমূহ।

দ্বিতীয়ক বৃত্তি কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰপৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰোপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে। যেনে শিল্পোৎপাদন প্ৰত্ৰুিয়া, বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি।

প্ৰাথমিক বৃত্তি কাক বোলে? উদাহৰণ দিয়া?

উত্তৰঃ যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰপৰা সম্পদ আহৰণ কৰে তাক প্ৰাথমিক বৃত্তি বোলে। যেনে – কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি।