সম্পদ সংৰক্ষণ বুলিলে কি বুজা?

উত্তৰঃ সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্য পূর্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। সম্পদসমূহ বিশেষকৈ প্রাকৃতিক সম্পদ অনবীকৰণযোগ্য বা ক্ষয়শীল অর্থাৎ সীমিত।

ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ কাক বোলে?

উত্তৰঃ  মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ যেনে— ভাল চৰিত্র, শিক্ষা, কর্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয়।

মানৱ সম্পদ বুলিলে কি বুজা?

উত্তৰঃ  শাৰীৰিক ভাৱে সক্ষম , মানসিক ভাবে সুস্থ , উপযুক্ত শিক্ষা আৰু প্রশিক্ষণ লৈ দক্ষতা অর্জন কৰি উৎপাদনমুখী কার্যত নিজকে নিয়ােজিত কৰিব বিচৰা লােককে মানৱ সম্পদ বুলি কোৱা হয় ।