মানৱ সৃষ্ট সম্পদ কাক বোলে? উদাহৰণ দিয়া।

উত্তৰঃ মানুহে প্রাকৃতিক সম্পদ সমূহক ব্যৱহাৰ কৰি মানুহৰ কর্মদক্ষতা প্রয়োগ কৰি যিবোৰ নতুন প্রয়োজনীয় বস্তুৰ সৃষ্টি কৰিছে তেনে সম্পদসমূহক মানৱ সৃষ্ট সম্পদ বোলে। উদাহৰণ স্বৰূপে— পানীৰ পৰা বিদ্যুৎ উৎপাদন, বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজ তেলৰ পৰা নানা ধৰণৰ ৰং ইত্যাদি।

মানুহ সম্পদৰ লগত কেনেকৈ জড়িত?

উত্তৰঃ মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত- সম্পদৰ উৎপাদক আৰু উপভোক্তা হিচাপে। মানুহৰ প্ৰয়োজনীয় বহু সম্পদেই যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছি ভাগৰে ব্যৱসায়িক দিশটো মানুহে প্ৰয়োজন অনুসৰি দি লয়। ইয়াৰোপৰি প্ৰকৃতিত থকা সামগ্ৰীবোৰৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবোৰ মানুহৰ জ্ঞানৰ জৰিয়তেহে উদ্ঘাটন কৰা হয়।

অৰ্থনৈতিক ভূগোল বুলিলে কি বুজা?

উত্তৰঃ  ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কার্যকলাপসমূহ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অর্থনৈতিক ভূগোল বোলে।

মানুহক কিয় মানৱ সম্পদ বোলা হয়?

উত্তৰঃ শাৰীৰিক ভাৱে সক্ষম , মানসিক ভাবে সুস্থ , উপযুক্ত শিক্ষা আৰু প্রশিক্ষণ লৈ দক্ষতা অর্জন কৰি উৎপাদনমুখী কার্যত নিজকে নিয়ােজিত কৰিব বিচৰা লােককে মানৱ সম্পদ বুলি কোৱা হয় ।