এছিড বৰষুণ কিদৰে সৃষ্টি হয়?

উত্তৰঃ বৰ্ত্তমান শতিকাৰ এক অন্যতম বিশ্বজনীন সমস্যা। কল কাৰখানা আৰু উদ্যোগ বিলাকত ব্যৱহাৰ হোৱা বিভিন্ন জৈৱিক ইন্ধন বিলাকৰ দহনৰ ফলত প্ৰচুৰ পৰিমাণৰ ছালফাৰ-ডাই-অক্সাইড,নাইট্ৰ’জেন অক্সাইড আৰু হাইড্ৰ’জেন ক্লৰাইড আদি গেচ বায়ুমণ্ডললৈ নিৰ্গত হয়।

সেউজ গৃহ গেছ কাক বোলে?

উত্তৰঃ পৃথিৱীলৈ অহা সূর্যৰ ৰশ্মিক সহজভাবে প্রবেশ কৰিবলৈ দিলেও পৃথিৱীয়ে বিকিৰণ কৰা তাপ বায়ুমণ্ডলৰ কোনো কোনো গেছে শোষণ কৰি উষ্ণতা বৃদ্ধি কৰে আৰু বায়ুমণ্ডলৰ পৰা তাপ ওলাই যোৱাত বাধা দিয়ে আৰু এই কার্যক সেউজ গৃহ পৰিঘটনা বোলা হয়।

শীতল মৰুভূমি কি?

উত্তৰঃ পৃথিৱীৰ বিশেষ কিছুমান অঞ্চলত প্ৰাকৃতিকভাৱে মৰুভূমিবোৰ অৱস্থিত। মৰুভূমিত বৰষুণৰ পৰিমাণ কম আৰু বাষ্পীভৱন বেছি। সেয়ে মৰুভূমিৰ পৰিবেশ শুকান।