অসমৰ মীন উদ্যোগৰ বৰ্তমান অৱস্থা কেনেকুৱা?

উত্তৰঃ  বর্তমান সময়ত মীন উদ্যোগে অসমৰ অর্থনৈতিক খণ্ডত লাহে লাহে গুৰুত্ব পাবলৈ ধৰিছে । বৈজ্ঞানিক পদ্ধতি আৰু পৰিকল্পনাৰে অসমৰ বিল আৰু জলাশয়বোৰত মাছ পালন কৰি মাছৰ উৎপাদন বৃদ্ধি কৰিব পৰা যায়।

অসমৰ চাহ উদ্যোগৰ বিষয়ে লিখা?

উত্তৰঃঅসমৰ চাহ উদ্যোগ বিশ্ববিখ্যাত এক বিশেষ গুৰুত্বপূৰ্ণ উদ্যোগ আৰু ৰাজ্যখনৰ মাটি আৰু জলবায়ু চাহখেতিৰ বাবে বেছ উপযোগী। ১৮২৩ চনতে ৰবাৰ্ট ব্ৰুচ চাহাবে ব্ৰহ্মপুত্ৰ উপত্যকাত চাহগছ আৱিষ্কাৰ কৰিছিল যদিও ১৮৩২ চনলৈকে  অসমত  চাহখেতিৰ একো ব্যৱস্থা লোৱা নহ’ল।

ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে?

উত্তৰঃ  ৰাজ্যখনৰ আটাইকেইটা কৃষি-জলবায়ৱীয় অঞ্চলত অর্থাৎ সকলো জিলাতে ধান খেতি কৰা হয়।কাৰনে ইয়াক অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে।

সম্পদ বুলিলে কি বুজায়? অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদবোৰ কি কি?

উত্তৰঃ– সম্পদ বুলিলে আমাৰ পৰিৱেশত থকা সেইবিলাক দ্রব্য বা বস্তুকে বুজায় যিবিলাক ব্যৱহাৰ কৰি আমি আমাৰ অভাৱ আৰু অভিলাষ পূৰণ কৰিব পাৰো। অসমৰ প্রধান প্রাকৃতিক সম্পদবোৰ হৈছে ভূমি সম্পদ, বন সম্পদ, খনিজ সম্পদ আৰু জলসম্পদ।