সাৰ্বভৌম মানে কি বুজা?

উত্তৰঃ সার্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সর্বোচ্চ ক্ষমতা। অর্থাৎ বাহ্যিকভাবে ভাৰতবৰ্ষত কোনাে বিদেশীশক্তিৰ তলতীয়া নহয়ে আৰু আভ্যন্তৰীণভাবেও ভাৰতবৰ্ষত কোনাে শক্তিৰ দ্বাৰা পৰিচালিত নহয়।

সংবিধান খচৰা কমিটীৰ সদস্যসকলৰ নাম লিখা?

উত্তৰঃ সংবিধান খচৰ কমিটীৰ সদস্যসকলৰ নাম হ’ল – ড॰ বি আৰ আম্বেদকাৰ (সভাপতি) এন গোপালস্বামী আয়েংগাৰ আলাদি কৃষ্ণস্বামী আয়াৰ কে এম মুন্সি চৈয়দ মহম্মদ চাদুল্লা এন মাধৱ ৰাও ডি পি খৈটান।

সংবিধান সভাৰ স্থায়ী সভাপতি আৰু খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল?

উত্তৰঃ ড° ৰাজেন্দ্ৰ প্ৰসাদ ক সংবিধান সভাৰ স্থায়ী সভাপতি হিচাপে নির্বাচিত কৰিছিল।সংবিধান সভাই ১৯৪৭ চনৰ ২৯ আগষ্ট তাৰিখে এখন খচৰা কমিটি‍ গঠন কৰে।