ধনৰ দুই প্ৰকাৰ ব্যৱহাৰ কি কি ?

ধনৰ দুই প্রকাৰৰ ব্যৱহাৰ প্ৰথমটো হল – ধনেৰে সুখ-সম্পদ বৃদ্ধিৰ বাবে ভাল খাদ্য, বস্ত্র, বাসস্থান, হাতী-ঘোঁৰা, গাড়ী আদি সংগ্রহ কৰিব পাৰি। দ্বিতীয়তে, ধনেৰে আনৰ উপকাৰ সাধন কৰিব পাৰি, উদাৰহণস্বৰূপেঃ অন্নহীনক অন্ন যােগান ধৰিব পাৰি, বিপদত পৰা মানুহক সহায় কৰিব পাৰি, বিদ্যালয়, চিকিৎসালয় আদি স্থাপন কৰিব পাৰি।

অৰ্থনৈতিক পৰিকল্পনা কি?

উত্তৰঃ অর্থনৈতিক পৰিকল্পনা : নির্ধাৰিত এছােৱা সময়ৰ ভিতৰত কেতবােৰ সুনির্দিষ্ট লক্ষ্যত উপনীত হােৱাৰ উদ্দেশ্য এক কেন্দ্রীয় কর্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্রণ আৰু দিগদর্শনেই হ’ল অর্থনৈতিক পৰিকল্পনা।