৪। অসমীয়া ব৬্যাকৰণ আৰু ভষাতত্ত্ব গ্ৰন্থখনৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ অসমীয়া ব্যাকৰণৰ ইতিহাসৰ এক নতুন সংযোজন হয় ১৯৩৬ চনত প্ৰকাশিত ভাষাবিদ কালিৰাম মেধিৰ “অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব” শীৰ্ষক গ্ৰন্থখনৰ জৰিয়তে। অসমীয়া ব্যাকৰণৰ ইতিহাসত এই ব্যাকৰণ হৈছে এক অজ্জ্বল কীৰ্তিস্তম্ভস্বৰূপ। ইয়াত অসমীয়া বাষাৰ বিৱৰ্তনৰ ইতিহাসত অতি সাৰ্থকবাৱে দাঙি ধৰিবলৈ প্ৰয়োগ কৰা দেখা যায়। তদুপৰি ইয়াত অসমীয়া ভাষাৰ উৎপত্তি আৰু বুৰঞ্জীৰোসুন্দৰ নিদৰ্ন পু্ৰতিফলিত হোৱা দেখা যায় । তদুপৰি অসমীয়া আৰু বৈদিক উপভাষাৰ নানা শব্দৰ সহায়ত অসমীয়া ভাষাৰ উৎপত্তি সম্পৰ্কে ড’ বাণীকান্ত কাকতিকৰতুলনাত এক সুকীয়া মন্তব্য দাঙি ধৰিছিল-“অসমীয়া ভাষাটো মাগধীৰ ভাষাৰ পৰা নহয় বৰং বৈদিক উপভাষাৰ পৰাহে।” কালিৰাম মেধিৰ উক্ত ব্যাকৰণখন প্ৰকৃততে এখন ঐতিহাসিক বিৱৰ্তনমূলক ব্যাকৰণহে।