১৪। সংস্কৃত ব্যাকৰণৰ কিছুমান টীকা-টিপ্পনীঃ প্ৰক্ৰিয়া আৰু কৌমুদী সম্ভাৰ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ ভট্টোজিৰ আন এক উল্লেখনীয় ব্যাকৰণশাস্ত্ৰ- শব্দ কৌস্তভ মূলতঃ অষ্টাধ্যায়ীৰ ভাষা হ’লেও,ই প্ৰকৃততে মহাভাষ্যৰ অনুকৰণতহে ৰচিত। গ্ৰন্থখনৰ মাত্ৰ দুটা অংশহে পোৱা গৈছে। সম্ভৱতঃ লেখকে ইয়াক সম্পূৰ্ণ কৰাই নাছিল।হৰদত্ত মিশ্ৰই পদমঞ্জৰীত শব্দকৌস্তভক সিদ্ধান্ত কৌমুদীৰ পূৰ্বৰ ৰচনা বুলি উল্লেখ কৰিছে। শব্দকৌস্তভত মুঠ ৭৪টা কাৰিকা পোৱা যায়। কৌণ্ডভট্টই (সপ্তদশ শতিকা) বৈয়াকৰণভূষণ,বৈয়াকৰণভূষণ সাৰ লঘু বৈয়াকৰণ ভূষণ) এই গ্ৰন্থখনিত ব্যাকৰণ দৰ্শন আৰু অৰ্থতত্ত্বৰ সুসমাৱেশ লক্ষ্য কৰা যায়।

খ্ৰীঃ অষ্টাদশ শতিকাত নগোজি ভট্টই বৃহৎ শব্দেন্দু শেখৰ আৰু লঘু শব্দেন্দুশেখৰ নামেৰেসিদ্ধান্ত কৌমুদীৰ দুখন টীকা ৰচনা কৰে। এইজনপা ডবৈয়াকৰমৰ তিনিটা ভিন্ন কলেৱৰত ৰচিত-বৈয়াকৰণ সিদ্ধান্ত (মঞ্জুষা,লঘযুঞ্জুষা,আৰু পৰমল ঘমুঞ্জু) আন এক উল্লেখনীয়া ব্যাকৰণশাস্ত্ৰ। গ্ৰন্থখনিত নব্য লৈয়ানিকসকলৰপ্ৰভাৱ লক্ষ্যনীয়। মূলতঃমহাভাষ্যআৰু বাক্যপদীয়ৰ ওপৰত নিৰ্ভৰশীল হ’লেও কোনো কোনো বিষয়ত গ্ৰন্থখনিৰ মৌলিকতা অনস্বীকাৰ্য।নাগোজিয়ে কৈয়্যটৰ মহাভাষ্যপ্ৰদীপৰ টীকা প্ৰদীপোদ্যোত ৰচনা কৰাৰ উপৰি, শিৰোদেৱ পৰিদেৱ পৰিভযাষা বৃত্তিৰ আৰ্হিত বৈয়াকৰণিক পৰিভাষেকন্দু শেখৰ ৰচনা কৰে।

খ্ৰীঃ অষ্টাদশ শতিকাৰ ভাগত ভট্টোজিৰ শিষ্য বৰদৰাজে লঘু সিদ্ধান্ত কৌমুদী, মধ্য সিদ্ধান্ত কৌমুদী, সাৰসিদ্ধান্ত .কৌমুদী আৰু গীৱাৰ্ণ পদমঞ্জৰী নামৰ চৰিখন ব্যাকৰণপুথি ৰচনা কৰে।ইয়াৰে প্ৰথম দুখনক সিদ্ধান্ত কৌমুদীৰ পঢ়াশালীৰ সংস্কৰণ বূুলিব পাৰি।সংস্কৃত টোল আৰু পাঠশালাসমূহৰ পুথি দুখনৰ জনপ্ৰিয়তা আজি কোপতি অব্যাহত আছে।

সিদ্ধান্ত কৌমুদীৰ পদ্ধতিৰ আৰু ক্ৰমত ৰচিত ৰাঘৱাচাৰ্যাৰ পামিনীসূত্ৰ ব্যাখ্যা, সাম্প্ ৰতিক কালৰ এখন উপাদেয় সংস্কৃত ব্যাকৰণ। বিভিন্ন বিষয়ৰ সৰল বৈয়াকৰণিক ব্যাখ্যা, গ্ৰন্থখনৰ অন্যতম বিশেষত্ব। পাণিনীয় সূত্ৰপাঠৰ সাম্প্ৰতিক সময়ৰ অন্যান্য কেইগৰাকীমান ব্যাখ্যাকৰ্তা হ’লঃ ধৰণীধৰ, কাশীনাথ, চাৰুদেল শাস্ত্ৰী ইত্যাদি।