ফুলগুৰী ধাৱাৰ ওপৰত এটি টোকা লিখা?

উত্তৰঃব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে শোষিত কৃষক ৰাইজে কৰা অসমৰ প্ৰথম বিদ্ৰোহটোৱেই হৈছে ফুলগুৰিৰ ধাৱা।ব্ৰিটিছ চৰকাৰে নিজাববীয়াকৈ কানি বিত্ৰুী কৰিবলৈ লোৱাত (আফুগুটিৰপৰা কানি, মাদক দ্ৰব্য প্ৰস্তুত কৰা হয়) আফু খেতি কৰি পেট প্ৰৱৰ্তোৱা ফুলগুৰি অঞ্চলৰ কৃষকসকল বিক্ষুব্ধ হৈছিল। ১৯৬১ চনত বিটিছ চৰকাৰে আফু খেতি কৰা সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত সমদ্ৰ তিৱা জনজাতিৰ লোকসকল অতিশয় অসন্তুষ্ট হৈ পৰে, কিয়নো চৰকাৰী কানিৰ প্ৰচলন বন্ধ কৰা নাছিল। ব্ৰিটিছ চৰকাৰৰ এই সিদ্ধান্তই এই লোকসকলৰ অৰ্থনীতিত প্ৰভাৱ পেলাইছিল। তদুপৰি তামোল-পাণৰ ওপৰতো চৰকাৰে কৰ লগাব বুলি বাতৰি প্ৰকাশ পালে।