অসমৰ কৃষি বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ চমূ ইতিহাস লিখা?

উত্তৰঃ ১৯৬৯ চনৰ ১ এপ্ৰিলত যোৰহাটত স্থাপিত হোৱা এই বিশ্ববিদ্যালয় খনে অসমত কৃষি শিক্ষা, গৱেষণা আৰু কৃষি সম্প্ৰসাৰণৰ হকে কাম কৰি আহিছে। প্ৰথমে যোৰহাটৰ অসম কৃষি মহাবিদ্যালয় আৰু গুৱাহাটীৰ অসম পশু চিকিৎসা মহাবিদ্যালয় দুখনক কেন্দ্ৰ বিন্দু হিচাপে লৈ এই বিশ্ববিদ্যালখন আৰম্ভ কৰা হৈছিল।