১৮। শব্দ মানে কি উদাহৰণসহ লিখা।

উত্তৰঃ শব্দ হ’ল বাক্য গঠনৰ মূল উপাদান । শব্দ এটা বা একাধিক বৰ্ণ বা আখৰৰ সমষ্টিৰে গঠন হয়। যেনে-ক, খা, বিদ্যালয় ইত্যাদি।

ওপৰৰ উল্লেখ কৰা ক, খা, ফুল, বিদ্যালয় আদি একোটা শব্দ কাৰণ, ক, খা ইহত এটা আখৰৰ শব্দ যদিও শব্দ দুটাৰো একোটা অৰ্থ আছে। যেনে-কথাটো তৎক্ষণাৎ, ক। আমটো তই খা।

ফুল- এইটো দুটা আখৰৰ এটা অৰ্থ বিশিষ্ট শব্দ। যেনে-ফুল বৰ ধুণীয়া।

বিদ্যালয়- এইটো চাৰিটা আখৰৰ শব্দ। ইয়োৰো এটা নিজ অৰ্থ আছে। যেনে-ৰিয়া কেন্দ্ৰীয় বিদ্যালয়ত পঢ়ে।