১২। কাশিকা বৃত্তিঃ জয়দিত্য আৰু ৱামন সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ পাণিনীয় সূত্ৰৰ বিভিন্ন বৃত্তিৰ ভিতৰত সংক্ষিপ্ততা আৰু স্পষ্টতাৰ ফালৰ পাৰ জয়াদিত্য আৰু ৱামনকৃত কাশিকাবৃত্তি বিশেষভাৱে উল্লেশযোগ্য। সাৱলীল ভঙ্গীত ৰচিত এই বৃত্তিখনিক অষ্টাধ্যায়ীৰ ধাৰাভাষ্যও বুলিব পাৰি। ইয়াৰ ৰচনাকাল আনুমানিক ৮০০ ক্ৰীঃ । কাশীত ৰচিত হৈছিল বাবে বৃত্তিখনিৰ নাম কাশিকা বৃত্তি। ইয়াৰ প্ৰথমৰ পাঁচটা পৰিচ্ছেদ সম্ভৱতঃ জয়াদিতযৰ ৰচনা। কিন্তু বৃত্তিখন সম্পূৰ্ণ কৰিবলৈ নৌপওঁতেই তেওঁৰ অকাল মৃত্যু ঘটাত বাকী তিনিটা পৰিচ্ছেদ ৱামনে সম্পূৰ্ণ কৰে।সতান্তৰে জয়াদিত্য আৰু ৱামন উভয়ে সুকীয়া সুকীয়া দুখন বৃত্তিশাস্ত্ৰ ৰচনা কৰিছিল। কিন্তু দুয়োখন গ্ৰন্থৰ একোটাকৈ অংশ নষ্ট হোৱাত,দুয়ো মিলি শেষত গোটেইখন শাস্ত্ৰ সম্পূৰ্ণ কৰে। অষ্টাধ্যায়ীৰ জৰাজীৰ্ণ পাঠ অনুসৰণ কৰা হেতুকে বৃত্তখনিত ভালেমান ব্যাসকূট ৰৈ যোটৱা পৰিলক্ষিত হয়। সেয়ে হ’লেও ইয়াত মুঠ ৫৮ টা পাণিনীত সূত্ৰ পৃথক পাঠ সংৰক্ষিত দৈছে। ৰচকদ্বয়ে অন্যান্য প্ৰাচীন টীকাৰ লগতে মহাভাষ্য আৰু চান্দ্ৰ ব্যাকৰণৰ পৰাও ভালেখিনি উদাহৰণ দাঙি ধৰিছে। অৱশ্য কোনো অজ্ঞাত কাৰণত এইবোৰৰ নামোল্লেখৰ পৰা তেওঁলোক বিৰত আছে।

কোনো কোনো পণ্ডিতৰ মতে জয়াদিত্য আৰু ৱামন বৈদ্ধ মতাৱলম্বী আছিল। বৃত্তিখনিত মঙ্গলাচৰণৰ অনুপস্থিতি আৰু ইয়াৰ সংৰক্ষণকাৰী পুথি