১০।বাক্যপদীয় ভতৃহৰিৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ পতঞ্জলিৰ মহাভাষাৰ পাছত কেইবা শতিকা দুৰি তেনে কোনো উল্লেখযোগ্য বৈয়াকৰণিক কৰ্ম পাবলৈ নাই।ষ এইছোৱা সময়ত ৰচিত অষ্টাধ্যায়ীৰ কেতবোৰ মৌলিকতাবিহীন টীকা-টিপ্পনীয়ে পাণিনীয়ে ধাৰাটোৰ গতি অৱশ্যেই অব্যাহত ৰাখো সেয়া যি কি নহওক, মহাভাষ্যৰ সাত পাঠ শতিকামানৰ পাছত:সংস্কৃত ব্যাকৰণ পৰম্পৰাত স্বকীয় প্ৰতিভাৰে প্ৰতিভাত হোৱা আন এগৰাকী বৈয়াতকৰণ হ;ল ভৰ্তৃহৰি। ব্যাকৰণ শাস্ত্ৰৰ দৰ্শন বিদ্যাৰ দিগন্তলৈ সম্প্ৰসাৰিত কৰা ভাৰতীয় বৈয়াকৰণসকলৰ ভিতৰত পতঞ্জলিৰ পাছতে এইজনা বৈয়াকৰণ নাম বিশেষভাৱে স্মৰণীয়। এওঁৰ দ্বাৰা ৰচিত বাক্যপদীয় এই দিশৰ সৰ্ভশ্ৰেষ্ঠ গ্ৰন্থ। দুভাৰ্গবশতঃ এইগৰাকী বৈয়াকৰণৰ সময় সম্পৰ্কেও ইতিহাস সমূলি নিমাত। চীনা পৰিব্ৰাজক ইৎচিঙৰ টোকা অনুসাৰে,এওঁ জয়াদিত্যৰ সমসাময়িক আৰু এওঁৰ দেহান্তৰ ঘচিছিল ৬৫০ খ্ৰীঃত । কোনোৱে এওঁক খ্ৰীষ্টৰ পঞ্চম শতিকাৰ, আন কোনোৱে আকৌ খ্ৰীঃ তৃতীয় শতিকাৰ লোক বুলিও সত প্ৰকাশ কৰা দেখা যায়। কিছুমানৰ মতে ভাট্টকাব্যৰ ৰচয়িতা ভাট্ট আৰু বৈয়ৈকৰণ ভৰ্তৃহৰি একেজন লোক।

সেয়া যি কি লহওক সংস্কৃত ব্যাকৰণ দৰ্শনৰ সৰ্বশ্ৰেষ্ঠ গ্ৰন্থৰূপে স্বীকৃত ,ভৰ্তৃহৰি ৰচিত বাক্যপদীয়ক ব্যাকৰণ আখ্যা দিয়াতকৈ ভাষাৰ দৰ্শনৰ বুলিলেহে অধিক ৰদিতা খায়। গ্ৰন্থখন মুৰ্ত তিনিটা কাণ্ডৰ বিভক্তৰ ব্ৰহ্মকাণ্ড, বাক্যকাণ্ড আৰু প্ৰকীৰ্ণ বা পদকাণ্ড। সেইবাবে ইয়াক ‘ত্ৰিকাণ্ডী’ও বোলা হয়। ইয়াত সৰ্বমুঠ ১৮৬০ টা কাৰিকা আছো। নাদ বা শব্দক ব্ৰহ্মজ্ঞান কৰি স্কোটবাদক ধাৰণা কৰ্ষণ কৰাৰ আৰু সংস্কৃত ব্যাকৰণৰ মূল বিষয়বোৰ দাৰ্শনিক ‘সৰণি’ত প্ৰতিষ্ঠা কৰাত, ভৰ্তৃহৰিয়ে অসাধাৰম বুদ্ধমত্তাৰ পৰিচয় দিছে। পৰৱৰ্ত্তী কালৰ কাব্য প্ৰকাশত বাক্যপদীয়ৰ উদ্ধৃতি সন্নিবিষ্ঠ হোৱাটো মন কৰিবলগীয়া। এওঁ পতঞ্জডলিকৃত মহাভাষ্যদীপিকা ৰচয়িতা। ইয়াৰ আংশযিক পাঠ এটা বাৰ্লিনৰ সংৰক্ষিত হৈছে। পুণ্যৰাজ,হেলৰাজ,ফুল্লৰাজ আদিয়ে পৰৱৰ্তী কালত বাক্যপদীয় টীকা ৰচনা কৰে।

পতঞ্জলি আৰু ভৰ্তৃহৰিৰ মাজৰ কালছথোৱাৰ বৈয়ৈকৰণসকলে সংস্কৃত ভাষাাৰ ব্যাকৰণ লিখাৰ পৰিৱৰ্তে পাণিনীয় পদ্ধতিৰ ব্যাকৰণ ৰচনাতহে অধিক গুৰৰুত্ব দিয়া পৰিলক্ষিত হয়। সম্ভৱতঃ পাণিনীৰ সূত্ৰসমূহক ব্যাকৰণৰ ক্ষেত্ৰত চৰম সিদ্ধান্ত বুলি ধৰি লোৱাটোৱেই ইয়াৰ মূল কাৰণ।