পণ্য বিনিময় প্ৰথা কি?

উত্তৰঃ যি ব্যৱস্থাত পণ্য বা দ্ৰব্যৰ লগত দ্ৰব্যৰ বিনিময় হয় তাক পণ্য বিনিময় প্ৰথা বোলে। পণ্য বিনিময় প্ৰথাত প্ৰত্যক্ষভাৱে দ্ৰব্যৰ সলনি দ্ৰব্যৰ বিনিময় সংঘটিত হয়। জনসংখ্যা বৃদ্ধি আৰু মানৱ সভ্যতাৰ অগ্ৰগতিৰ লগত পণ্য বিনিময় প্ৰথাৰ বহুতো অসুবিধাৰ সৃষ্টি হৈছিল।