উত্তৰঃ ঐতিহাসিকভাৱে গুৰুত্বপূৰ্ণ সেই দিশবোৰ হ’ল-
(i) বৰঙণি বা কৰ সংগ্ৰহৰ দ্বাৰা মূলধন বা সম্পদৰ কেন্দ্ৰীভূতকৰণ ।
(ii) ৰাজহুৱা নিৰ্মাণ কাৰ্য ।
(iii) লিখন পদ্ধতিৰ আৱিষ্কাৰ ।
(iv) নিশ্চিত আৰু পূৰ্ব অনুমেয় বিজ্ঞানৰ বিকাশ সাধন ।
(v) শ্ৰেণীযুক্ত সমাজৰ উত্থান ।
(vi) জনসাধাৰণৰ এক অংশক বিকল্প কামৰ পৰা ৰেহাই দি পূৰ্ণ পৰ্যায়ৰ শিল্প-কুশলীলৈ পৰিৱৰ্তন কৰা ।
(vii) সম্পূৰ্ণ জাতিগত বান্ধোনৰ পৰিৱৰ্তে ৰাজনৈতিক সংগঠনৰ ভিত্তিত এডোখৰ ঠাইত ৰাষ্ট্ৰতন্ত্ৰ গঢ়ি উঠিছিল ।
(viii) দূৰৱৰ্তী বিলাসী সামগ্ৰীৰ বেপাৰ-বাণিজ্যৰ বিকাশ সাধন ।