উত্তৰঃ- কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰত শিৱৰ মহিমা আৰু পূজা পদ্ধতিৰ উল্লেখ আছে।
Month: January 2022
অতীত কালৰে পৰা কামৰূপৰ এটা জনপ্ৰিয় ধৰ্ম কি আছিল?
উত্তৰঃ- অতীত কালৰে পৰা কামৰূপৰ এটা জনপ্ৰিয় ধৰ্ম আছিল শৈৱ ধৰ্ম।
প্ৰকৃততে শিৱ প্ৰথা কিহৰ উপাদানেৰে গঠিত হৈছিল?
উত্তৰঃ- প্ৰকৃততে শিৱ প্ৰথা অনাৰ্য্য় উপাদানেৰে গঠিত হৈছিল।
ভূমিদানৰ বাবে ৰজাসকলে নিৰ্দ্ধাৰণ কৰা কি কি দিনত দানকাৰ্য্য সম্পন্ন কৰিছিল?
উত্তৰঃ- ভূমিদানৰ বাবে ৰজাসকলে নিৰ্দ্ধাৰণ কৰা চৈত সংক্ৰান্তি, বিষ্ণু সংক্ৰান্তী, একাদশী আদি দিনত দানকাৰ্য্য সম্পন্ন কৰিছিল।