পাঠঃ ৪ হস্তিবিদ্যাৰ্ণৱ পুথি (ক) অতি চমু প্ৰশ্নঃ ১। ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক পাঠটি কʼৰ পৰা সংগ্ৰহ কৰা হৈছে ? উত্তৰঃ ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক পাঠটি সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ’ নামৰ গ্ৰন্থখনৰ পৰা সংগ্ৰহ কৰা হৈছে। ২। ‘হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে কʼত প্ৰকাশ পাইছিল? উত্তৰঃ হস্তিবিদ্যাৰ্ণৱ পুথি’ শীৰ্ষক প্ৰৱন্ধটি প্ৰথমতে ১৯৫৩ চনত, শুক্লেশ্বৰ বৰা সম্পাদিত ‘জয়ন্তী’…