পাঠ -১
মোৰ মাতৃমুখ দৰ্শন
অতি চমু প্ৰশ্ন (মূল্যাংক-১)
১। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটো ক’ৰপৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটো ড° নগেন শইকীয়া সম্পাদিত বেজবেৰুৱা ৰচনাৱলীৰ পৰা লোৱা হৈছে ।
২। সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্হিত?
উত্তৰঃ সম্বলপুৰ ভাৰতৰ উৰিষ্যা ৰাজ্যত অৱস্থিত ।
৩। বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক’ৰপৰা ক’লৈ যাত্ৰা কৰিছিল?
উত্তৰঃবেজবৰুৱাই ‘মাতৃমুখ’ দৰ্শনৰ বাবে উৰিষ্যাৰ সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰিছিল ।
৪। ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল?
উত্তৰঃ ১৯৩০ চনৰ ১৯ ছেপ্তেম্বৰত সম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী তেখেতৰ সহধৰ্মিণী আৰু সৰু কন্যা ।
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ৰচিত এখন ধেমেলীয়া নাটকৰ নাম হল লিতিকাই ।
চমু প্ৰশ্ন (মূল্যাংক-২/৩)
১। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষক পাঠটিৰ নামাকৰণৰ তাৎপৰ্য ব্যাখ্যা কৰা ৷
উত্তৰঃ কৰ্মসূত্ৰে লক্ষ্মীনাথ বেজবৰুৱা অসমৰ বাহিৰত, কলকাতা আৰু সম্বলপুৰত থাকিবলগীয়া হৈছিল। কৰ্ম-ব্যস্ততাৰ কাৰণে তেওঁ ত্ৰিশ-চল্লিছ বছৰ ধৰি নিজ মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। প্ৰায় ডেৰকুৰি-দুকুৰি বছৰৰ পিছত তেওঁ অসমলৈ ঘূৰি অহাৰ কথাতো মাতৃ মুখ দৰ্শনৰ লগত ৰিজাইছে। সেয়েহে পাঠটোৰ নাম ‘মোৰ মাতৃমুখ দৰ্শন’ দিয়া হৈছে।
২। ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষটিত ‘মাতৃ’ শব্দৰে কি বুজোৱা হৈছে? কিমান বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ শীৰ্ষটিত ‘মাতৃ’ শব্দৰে নিজ মাতৃভূমি অসমক বোজোৱা হৈছে। প্ৰায় ত্ৰিশ-চল্লিশ বছৰৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল।
৩। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা গুৱাহাটীত অহাৰ পাছত কটন কলেজৰ ছাত্ৰসকলে গধূলি এখন সভা অনুষ্ঠিত কৰি বেজবৰুৱাক তাত নিমন্ত্ৰণ জনাইছিল আৰু সভাত তেওঁলোকৰ একোজনে অসমীয়া আৰু ইংৰাজী ভাষাত ভাষণ দিছিল। কোনোৱে সুললিত কন্ঠৰে সংগীত গাইছইল আৰু কোনোৱে বিয়াহৰ ওজা-পালি গাই লেখকক উৎফুল্লিত কৰি তুলিছিল। এনেদৰেই ছাত্ৰসকলে লেখকক অভিনন্দন জনাইছিল।
৪। ‘মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা ‘মজিউ’ আৰু ‘জ্ঞান’ কোন আছিল?
উত্তৰঃ ‘মোৰ মাতৃমুখ দৰ্শন’ৰ লেখকে উল্লেখ কৰা ‘মাজিউ’ হল সুবিখ্যাত চাহ খেতিয়ক সদাগৰ শীযুত চন্দ্ৰকুমাৰ আগৰৱালা ডাঙৰীয়া আৰু জ্ঞান হল আৰ্ল ল কলেজৰ প্ৰসিদ্ধ প্ৰিন্সিপাল, উদাৰহৃদয় মিষ্টাৰ জে. বৰুৱা বেৰিষ্টাৰ এট্-লৰ।
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা ৷
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগা তিনিটা কাৰণ হল (১) প্ৰাকৃতিক সৌন্দৰ্য, (২) ঐতিহাসিক উৎকৰ্ষ, আৰু (৩) প্ৰাচীন জ্ঞান-গৌৰৱৰ গৰিমা।
দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)
১। ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেলযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা ৷
উত্তৰঃ কৰ্মসূত্ৰে উৰিষ্যাৰ সম্বলপুৰত থাকিবলৈ লোৱা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা কৰ্মব্যস্ততাৰ বাবে প্ৰায় ডেৰকুৰি-দুকুৰি বছৰ নিজ মাতৃভূমি অসমলৈ আহিব পৰা নাছিল। অৱশেষত তেওঁ ১৯৩০ খ্ৰীষ্টাব্দৰ ১৯ ছেপ্তেম্বৰ তাৰিখে অসমলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। লগত তেওঁৰ সংগী আছিল সহধৰ্মিণী পজ্ঞা সুন্দৰী দেৱী আৰু সৰু জীয়ৰী। বেংগল-নাগপুৰ ৰেলেৰে সম্বলপুৰৰ পৰা দুঘন্টা যাত্ৰা কৰি তেওঁ ঝাৰচোগোড়া জংচনত নামে আৰু তাৰ পৰা কলিকাতা অভিমুখী ৰে’লত উঠে। তেওঁলোকে লগত একো খোৱা বস্তু নিনিয়াৰ কাৰনে পৰিয়াল সহ লঘোণে-ভোকে যাত্ৰা কৰিবলগীয়া হয়। ২০ তাৰিখে ৰাতি ৮ মান বজাত তেওঁ কলকাতাত নামি মহানগৰৰ এঠাইৰ এটা ঘৰত উপস্থিত হয় আৰু লৰালৰিকৈ ভাত খাই শুই থাকে। পিছদিনা কলকাতাৰ শিয়ালদহ ষ্টেশ্যনৰ পৰা গুৱাহাটীলৈ বুলি যাত্ৰা আৰম্ভ কৰে আৰু ২২ তাৰিখে গুৱাহাটীত উপস্থিত হৈ।
২। ‘মোৰ মাতৃমুখ দৰ্শন’ পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষিকৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা ৷
উত্তৰঃ মহাদেৱে ভাং, ধতুৰা খাই গৃহস্থৰ কাম-কাজ একো নকৰি ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰি কলে, ঘৰতে বৃষভটো আছে, সি ঘাহঁ-পানী খাই নোদোকাটো হৈ পৰিছে, তাৰেই হাল বাই খেতি-বাতি কৰি এগাল মান ধানকে আৰ্জিব পাৰে। পাৰ্বতীৰ এনেধৰনৰ ককৰ্থনা শুনি মহাদেৱৰ মনত বৰ বেজাৰ লাগিল। আৰু তেতিয়াই তেওঁ খেতি কৰিবলৈ যাবলৈ দৃঢ়সংকল্প কৰি বৃষভৰ ওপৰত উঠি পথাৰলৈ গৈ খেতি কৰাত লাগিল। তেওঁ খেতি কৰা আৰম্ভ কৰিলে কেইদিনমানৰ ভিতৰতে খেতি কৰি গোটেইখন উভয়নদী কৰি পেলালে। শোৱা, বোৱা, খোৱা সকলো বাদ দিলে। আনকি তেওঁ ঘৰলৈয়ো নহা হল।পাৰ্বতীয়ে দেখিলে যে মহা মস্কিলখন হল। পাৰ্বতীয়ো সমস্যাত পৰিল। গিৰীয়েকক মাতি আনিবলৈ পাৰ্বতীয়ে নন্দী-ভৃংগীকে আদি কৰি যোৰে যোৰে বহুতো মানুহ পঠিয়াইয়ো মহাদেৱক ঘৰলৈ আনিব নোৱাৰিলে। একোকে উপায় নাপায় পাৰ্বতীয়ে নাৰদক ৰিপুৱা ধৰিলে। কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিকো কান নকৰিলে। নাৰদ উভতি আহি পাৰ্বতীক কলে যে মহাদেৱে কাৰো কথা নুশুনে, কোনো তেওঁৰ ওচৰকে চাপিব নোৱাৰে। অনেক ভাৱি চিন্তি পাৰ্বতীয়ে অসংখ্য ডাহঁ, মহ, চেৰেপা-চৰ্জন কৰি পঠিয়াই দিলে। কিন্তু একো কামত নাহিল। অৱশেষত পাৰ্বতীয়ে হুহু হাহা নামৰ দুটা মানস পুত্ৰ সৃষ্টি কৰি পঠিয়ালে।
৩। হাহা হুহু কোন আছিল? এওঁলোকক কি কাৰণে সৃষ্টি কৰিছিল লিখা ৷
উত্তৰঃ হাহা হুহু আছিল পাৰ্বতীৰ মানসপুত্ৰ। মহাদেৱে খেতি কৰিবলৈ গৈ ঘৰলৈ উভতি নহা দেখি পাৰ্বতীয়ে হাহা হুহু নামৰ মানসপুত্ৰ দুটা সৃষ্টি কৰি মহাদেৱক ঘৰলৈ আনিবলৈ পঠিয়াইছিল।
মহাদেৱে ভাং, ধতুৰা খাই গৃহস্থৰ কাম-কাজ একো নকৰি ঘৰতে বহি থকা দেখি এদিন পাৰ্বতীয়ে ককৰ্থনা কৰি কলে, ঘৰতে বৃষভটো আছে, সি ঘাহঁ-পানী খাই নোদোকাটো হৈ পৰিছে, তাৰেই হাল বাই খেতি-বাতি কৰি এগাল মান ধানকে আৰ্জিব পাৰে। পাৰ্বতীৰ এনেধৰনৰ ককৰ্থনা শুনি মহাদেৱৰ মনত বৰ বেজাৰ লাগিল। আৰু তেতিয়াই তেওঁ খেতি কৰিবলৈ যাবলৈ দৃঢ়সংকল্প কৰি বৃষভৰ ওপৰত উঠি পথাৰলৈ গৈ খেতি কৰাত লাগিল। তেওঁ খেতি কৰা আৰম্ভ কৰিলে কেইদিনমানৰ ভিতৰতে খেতি কৰি গোটেইখন উভয়নদী কৰি পেলালে। শোৱা, বোৱা, খোৱা সকলো বাদ দিলে। আনকি তেওঁ ঘৰলৈয়ো নহা হল।পাৰ্বতীয়ে দেখিলে যে মহা মস্কিলখন হল। পাৰ্বতীয়ো সমস্যাত পৰিল। গিৰীয়েকক মাতি আনিবলৈ পাৰ্বতীয়ে নন্দী-ভৃংগীকে আদি কৰি যোৰে যোৰে বহুতো মানুহ পঠিয়াইয়ো মহাদেৱক ঘৰলৈ আনিব নোৱাৰিলে। একোকে উপায় নাপায় পাৰ্বতীয়ে নাৰদক ৰিপুৱা ধৰিলে। কাৰো কথা নুশুনা মহাদেৱে নাৰদৰ খাটনিকো কান নকৰিলে। নাৰদ উভতি আহি পাৰ্বতীক কলে যে মহাদেৱে কাৰো কথা নুশুনে, কোনো তেওঁৰ ওচৰকে চাপিব নোৱাৰে। অনেক ভাৱি চিন্তি পাৰ্বতীয়ে অসংখ্য ডাহঁ, মহ, চেৰেপা-চৰ্জন কৰি পঠিয়াই দিলে। কিন্তু একো কামত নাহিল। অৱশেষত পাৰ্বতীয়ে হুহু হাহা নামৰ দুটা মানস পুত্ৰ সৃষ্টি কৰি পঠিয়ালে।
৪। ‘ডিবৰুগড়ত গোটাচেৰেক কথাই মোক বৰ সন্তোষ দিছিল৷’-ডিবৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা ৷
উত্তৰঃ ‘ডিবৰুগড়ত গোটাচেৰেক কথাই লেখকক বৰ সন্তোষ দিছিল। প্ৰথমে ডিবৰুগড়ৰ অসমীয়া তিৰুতা সকলৰ গঢ়গতি আৰু কাৰ্যকলাপ দেখি। তিৰুতা সকল শিক্ষা, দীক্ষা আৰু ৰাজহুৱা কাৰ্যত পুৰুষৰ সমকক্ষ হবলৈ আগবাঢ়িছিল। দেশৰ সেৱাত তেওঁলোকে পুৰুষৰ শাৰীত ঠাই লৈছেহি। ডিবৰুগড়ত সভা-সমিতি পতাত তেওঁলোকে আগৰনুৱা হৈ পৰিছে। অথচ তেওঁলোকৰ স্ত্ৰীসূলভ গাম্ভীৰ্য আৰু কমনীয়তাৰ এচুলিমানো হ্ৰাস হবলৈ দিয়া নাই। দুজনা -এজনাই সভাত উঠি এনে বক্তৃতা কৰিছে যে অনেক নামজ্বলা বক্তা পুৰুষকো তেওঁলোকে সেই বিষয়ত চেৰ পেলাইছে। দ্বিতীয়তে ডিব্ৰুগড়ৰ ডেকাসকলৰ উদ্যমৰ ফলত সমৃদ্ধ হৈ পৰা ৰংগশালাটো দেখিও লেখকে মনত সন্তোষ পাইছিল ৷ থিয়েটাৰৰ বাবে অসমীয়া চিত্ৰবিদ ডেকাসকলে অঁকা ছবি এনে সুন্দৰ আছিল যে সেইবোৰ কলিকতাৰ নিপুণ চিত্ৰবিদ ডেকাসকলে অঁকা ছবিতকৈ কোনো গুণে কম নাছিল ৷ নাট্যকলাত ডিব্ৰুগড়ৰ সম্ভ্ৰান্তঘৰৰ ডেকাসকলে আশাতীত ভাৱে উন্নতি কৰিছিল ৷ পেইণ্টিং আৰু ফটোগ্ৰাফীত মুক্তানাথ বৰদলৈয়ে কৃতিত্ব দেখুৱাইছিল ৷ প্ৰভাতচন্দ্ৰ দাস আৰু জনদিয়েকৰ অভিনয়ে কলিকতাৰ বিখ্যাত অভিনেতাতকৈ কোনোগুণে কম নাছিল৷এনেবোৰ কথাই লেখকৰ মনত বৰ সন্তোষ দিছিল ৷
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত বুজাই লিখা ৷
উত্তৰঃ নাট মঞ্চায়নৰ ক্ষেত্ৰত মৌলিক নাটৰ অভিনয় সৰহ কৰিবলৈ পৰামৰ্শ দি বেজবৰুৱাই কৈছিল যে বিদেশী নাটক মঞ্চায়ন কৰাত তেওঁ বৰ সন্তোষ পালেও ঘোৰ বিৰোধী নহয়। বিদেশী নাটকৰ অনুবাদ প্ৰকৃত নিভাজ ৰূপত অনুবাদ কৰি অভিনয় কৰিব লাগে উল্লেখ কৰিছে। ভাল বিদেশী নাটকৰ উৎকৃষ্ট ভাবসম্পদেৰে অসমীয়া সাহিত্যৰ সৌন্দৰ্য বঢ়োৱাটো অতি শোভন কথা বুলিও তেওঁ উল্লেখ কৰিছে। কিন্তু সেই ভাবসম্পদক বাৰেবঙলুৱা অসমীয়া নকৰি আচল অসমীয়া অনুবাদ হোৱা উচিত বুলি তেওঁ পৰামৰ্শ দিছে।
Ans- by Himashri kakati