সাগৰ -মহাসাগৰ
১ । তলৰ প্রশ্নবোৰৰ উত্তৰ লিখা ।
( ক ) মহাসাগৰীয় সোঁতৰ সৃষ্টিৰ কাৰণবোৰ কি কি ?
উত্তৰ- পৃথিৱীৰ আৱৰ্তন, নিয়ত বতাহ, পানীৰ উষ্ণতা, লৱণতা আৰু চাপৰ তাৰতম্য আদিয়ে সাগৰ-মহাসাগৰৰ পানীত সোঁতৰ সৃষ্টি কৰে ।
( খ ) গৰম পানীৰ সোঁত বুলিলে কি বুজা ?
উত্তৰ- উষ্ণণ্ডলৰ পৰা গৰম আৰু পাতল সমুদ্ৰজল ওপৰে ওপৰে পৃষ্ঠপ্ৰবাহ ৰূপে শীতমণ্ডললৈ প্ৰবাহিত হয় । ইয়েই হ’ল উষ্ণ বা গৰম পানীৰ সোঁত বোলে ।
( গ ) সাগৰীয় জীৱবোৰ কেইপ্রকাৰ ? কিহৰ ভিত্তিত এইবোৰক শ্রেণী বিভক্ত কৰা হৈছে ?
উত্তৰ- সাগৰীয় জীৱবোৰ তিনিপ্ৰকাৰৰ- প্লেংকটন বা প্লৱক, বেনথ’জ আৰু নেকটন ।
( ঘ ) সাগৰৰ কেনেকুৱা অঞ্চলত সাধাৰণতে মৎস্যক্ষেত্ৰ গঢ়ি উঠে ?
উত্তৰ- সাগৰৰ বুকুৰ অগভীৰ অঞ্চলবোৰত মাছৰ খাদ্য প্লেংকটন বা প্লৱক যথেষ্ট পৰিমাণে পোৱা যায় । এনে অঞ্চলত মৎস্যক্ষেত্ৰ গঢ়ি উঠে ।
২ । কাৰণ দৰ্শোৱা —
( ক ) নাটনি জোৱাৰ বাসন্তী জোৱাৰৰ সমান শক্তিশালী নহয় ।
উত্তৰ- পূৰ্ণিমা আৰু অমাৱস্যাৰ দিনা চন্দ্ৰ, পৃথিৱী আৰু সূৰ্য প্ৰায় একেডাল ৰেখাত পৰে । এই দুদিনত চন্দ্ৰ আৰু সূৰ্য উভয়ৰে আকৰ্ষণত জোৱাৰৰ ঢৌ বেছি ওপৰলৈ উঠে । ইয়াক বাসন্তী জোৱাৰ বোলে । সপ্তমী আৰু অষ্টমী তিথিত পৃথিৱী, চন্দ্ৰ আৰু সূৰ্যই সমকোণত অৱস্থান কৰে । গতিকে সেই দুটা দিনত চন্দ্ৰৰ মুখামুখি হোৱা ঠাইৰ লগতে সূৰ্যৰ মুখামুখি হোৱা ঠাইতো জোৱৰ হয় । এই জোৱাৰক নাটনি জোৱাৰ বোলে । ফলত নাটনি জোৱাৰ আৰু বাসন্তী জোৱাৰ সমান শক্তিশালী নহয় ।
(খ) আজিকালি পৃথিৱীৰ সকলো ঠাইতে সাগৰীয় মাছ কিনিবলৈ পোৱা যায় ।
উত্তৰ- সাগৰীয় মাছবোৰ ধৰি উপকূল অঞ্চলত লগে লগে ব্যৱহাৰ কৰা হয় আৰু শীতলীকৰণ ব্যৱস্থাৰে সংৰক্ষণ কৰি টিনত ভৰাই বিশ্বৰ বিভিন্ন প্ৰান্তলৈ পঠিওৱা হয় । আজিকালি সকলো ঠাইতে টিনত ভৰোৱা সাগৰীয় মাছ পোৱা যায় ।
( গ ) জাপানত সঘনাই ছুনামি হয় ।
উত্তৰ-সাগৰৰ বুকুত জোৰেৰে বতাহ বলিলে প্ৰকাণ্ড ঢৌৰ সৃষ্টি হয় । ইয়াৰ বাহিৰেও সাগৰৰ তলিত উৎপত্তি হোৱা ভূমিকম্প, আগ্নেয় উদগিৰণ আৰু ফলত সাগৰৰ বুকুত সৃষ্টি হোৱা ঢৌক ছুনামি বুলি কোৱা হয় । ছুনামি এটা জাপানী শব্দ। জাপানী ভাষাত ছু মানে পোতাশ্ৰয় আৰু নামিমানে ঢৌ । জাপান দেশখন প্ৰশান্ত মহাসাগৰীয় আগ্নেয় বলয়ত অৱস্থিত । এই বলয়টো পৃথিৱীৰ ভিতৰতে প্ৰধান ভূমিকম্প প্ৰৱণ অঞ্চল । গতিকে জাপানত সঘনাই ভূমিকম্প হয় আৰু তাৰ ফলত ছুনামিৰ সৃষ্টি হয় ।
( ঘ ) বৈদেশিক বাণিজ্যৰ বাবে জাহাজ পৰিবহণ ব্যৱস্থা উৎকৃষ্ট ।
উত্তৰ-
৩ । শুদ্ধ উত্তৰটোত চিন দিয়া ।
(১) সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয় —
( ক ) মেৰু অঞ্চলত
( খ ) নিৰক্ষীয় অঞ্চলত
( গ ) এটাও নহয় ।
উত্তৰ-(খ) নিৰক্ষীয় অঞ্চলত
(২) দিনটোত দুবাৰ সাগৰৰ পানীৰ উঠা – নমা কৰাকে —
(ক) সাগৰীয় সোঁত
(খ) জোৱাৰ – ভাটা
(গ) টৌ বোলে ।
উত্তৰ-(খ) জোৱাৰ – ভাটা
(৩) ছুনামি শব্দৰ অৰ্থ হ’ল — |
(ক) ভূমিকম্প
(খ) সাগৰৰ ঢৌ
(গ) পোতাশ্রয়ৰ ঢৌ ।
উত্তৰ- (খ) সাগৰৰ ঢৌ
(৪) সাঁতুৰিব পৰা সাগৰীয় প্রাণীবোৰ
(ক) নেকটন ।
(খ) বেনথ ’ জ
(গ) প্লেংকটন শ্ৰেণীৰ ।
উত্তৰ- (ক) নেকটন ।
৩ । সোঁফালৰ লগত বাওঁফাল মিলোৱা-
ক ) ডায়েটম খ ) নিৰক্ষীয় অঞ্চলত গ ) সাধাৰণ নিমখ ঘ ) সপ্তমী আৰু অষ্টমী তিথিত ঙ ) মৎস্য ক্ষেত্ৰবোৰ | ক ) উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে । খ ) নাটনি জোৱাৰ হয় । গ ) এবিধ উদ্ভিদ প্লেংকটন । ঘ ) মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে । ঙ ) পানীৰ ঘনত্ব কম হয় । |
উত্তৰ-
ক) ডায়েটম … গ) এবিধ উদ্ভিদ প্লেংকটন ।
খ) নিৰক্ষীয় অঞ্চলত…ঙ) পানীৰ ঘনত্ব কম হয় ।
গ) সাধাৰণ নিমখ …ঘ) মহাসাগৰৰ পানীত দ্ৰৱীভূত হৈ থাকে ।
ঘ) সপ্তমী আৰু অষ্টমী তিথিত… খ) নাটনি জোৱাৰ হয় ।
ঙ) মৎস্য ক্ষেত্ৰবোৰ…ক) উদ্ভিদ প্লেংকটন থকা ঠাইত গঢ়ি উঠে ।