ভাৰতৰ উদ্যোগ আৰু পৰিবহন ব্যৱস্থা
১) চমু উত্তৰ লিখা-
(ক) আকৰিক লো কেঁচামাল হিচাপে ব্যৱহাৰ হোৱা এবিধ উদ্যোগৰ নাম লিখা ǀ
উত্তৰ- লো তীখাৰ উদ্যোগ
(খ) এবিধ ইন্ধন খনিজৰ নাম লিখা ǀ
উত্তৰ- খাৰুৱা তেল
(গ) ভাৰতৰ এখন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা ǀ
উত্তৰ- মহাৰাষ্ট্ৰ
(ঘ) ভাৰতত আটাইতকৈ অধিক পৰিমাণে ব্যৱহৃত পৰিবহন সেৱা বিধৰ নাম লিখা ǀ
উত্তৰ- ৰেল পৰিবহন সেৱা
(ঙ) অসমত থকা আন্তৰ্জাতিক বিমান বন্দৰটিৰ নাম লিখা ǀ
উত্তৰ- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ (বৰঝাৰ)
২) শুদ্ধ উত্তৰটো লিখা-
(ক) অভ্ৰ উৎপাদনত ভাৰতৰ স্হান পৃথিৱীৰ ভিতৰত-
(ক) তৃতীয় (খ) দ্বিতীয়(গ) প্ৰথম
উত্তৰ- (গ) প্ৰথম
(খ) ভাৰতত প্ৰথমে ৰে’ল চলিছিল-
(ক) ১৮৩৫ চনত (খ) ১৯৩৫ চনত (গ) ১৮৫৩ চনত
উত্তৰ- (গ) ১৮৫৩ চনত
(গ) ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথটো হ’ল-
ক) ১ নং ৰাষ্ট্ৰীয় ঘাইপথ ,(খ) ২নং ৰাষ্ট্ৰীয় ঘাইপথ, (গ) ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
উত্তৰ- (গ) ৭ নং ৰাষ্ট্ৰীয় ঘাইপথ
(ঘ) ভাৰতৰ আটাইতকৈ বেছি পথৰ ঘনত্ব থকা ৰাজ্যখন হৈছে-
(ক) অসম, (খ) কেৰেলা , (গ) অন্ধ্ৰপ্ৰদেশ
উত্তৰ- (খ) কেৰেলা
৩) উত্তৰ লিখা-
(ক) ভাৰতবৰ্ষৰ প্ৰধান খনিজ বলয়সমূহ কি কি ? অসম কোনোবা খনিজ বলয়ত অন্তৰ্ভুক্ত হয়নে ?
উত্তৰ-
(খ) ভাৰতৰ পাঁচটা প্ৰধান লো তীখা উদ্যোগৰ নাম লিখা ǀ
উত্তৰঃ ভাৰতৰ পাচঁটা প্ৰধান লো-তীখা উদ্যোগৰ নাম হ’ল- (১) জামছেদপুৰৰ টাট লো-তীখা উদ্যোগ, (২) বাৰ্ণপুৰ লো-তীখা উদ্যোগ, (৩) ভদ্ৰাৱতী বিশ্বেশ্বৰায় লো-তীখা উদ্যোগ, (৪) ৰুৰকেল্লা লো-তীখা উদ্যোগ, ভিলাই লো-তীখা উদ্যোগ, দুৰ্গাপুৰ লো-তীখা উদ্যোগ, বোকাৰো লো-তীখা উদ্যোগ, ছালেম তীখা উদ্যোগ, বিজয়নগৰ তীখা উদ্যোগ, বিশাখাপট্টনম তীখা ইত্যাদি ।
(গ) মুম্বাই আহমেদাবাদ অঞ্চলত বয়ন উদ্যোগসমূহ কিয় গঢ়ি উঠিছে ?
উত্তৰ- মুম্বাই আৰু আহমেদাবাদৰ বস্ত্ৰশিল্পসমূহ প্ৰধানকৈ মহাৰাষ্ট্ৰ আৰু গুজৰাটত উৎপাদিত কপাহৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠিছিল । ভাৰতৰ বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় ১০.৭৯% সূতা মহাৰাষ্ট্ৰৰ পৰাই যোগান ধৰা হয় । বস্ত্ৰ উদ্যোগৰ বাবে প্ৰয়োজনীয় যন্ত্ৰ-পাতি, ৰং, ৰাসায়নিক দ্ৰব্য, কপাহী আদি আমদানি কৰিবলৈ বন্দৰৰ সুবিধা থকাৰ কাৰণেই মুম্বাই-আহমেহদা অঞ্চলত বস্ত্ৰ উদ্যোগসমূহ গঢ় লৈ উঠিছে ।
৪) বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগে স্হল, জল আৰু বায়ু পৰিবহনৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিবৰ্তন আনিছে লিখা ǀ
উত্তৰ-
৫) পৰিবহন ব্যৱস্হা দেশ এখনৰ সিৰা-উপসিৰা স্বৰূপ ǀ কথাষাৰৰ সমৰ্থনত তিনিটা যুক্তি আগবঢ়োৱা ǀ
উত্তৰ-
৬)ভূ-চিত্ৰাৱলীৰ সহায়ত লিখা
ক) অসমত ৰাষ্ট্ৰীয় ঘাইপথসমূহে চুই যোৱা জিলা সদৰসমূহৰ নাম লিখা ǀ
উত্তৰ-
খ) ৰেলপথে সংযোগ নকৰা উত্তৰ পূৱ ভাৰতৰ ৰাজ্যকেইখনৰ নাম লিখা ǀ
উত্তৰ-
গ) বহ্মপুত্ৰ উত্তৰ পাৰে ধেমাজী জিলাত থকা ৰে’লপথৰ শেষৰ ৰে’ল ষ্টেচনটোৰ নাম লিখা ǀ
উত্তৰ- মোকংচেলেক