জীৱৰ বিচিত্ৰতা
প্ৰশ্নাৱলীঃ
1. আমি জীৱবিলাকৰ কিয় শ্ৰেণী বিভাজন কৰো?
উত্তৰঃ- আমি জীৱবিলাকৰ অধ্যয়ণৰ সুবিধাৰ বাবে জীৱবিলাকৰ শ্ৰেণী বিভাজন কৰি লওঁ। পৃথিৱীখনত বহুত ধৰণৰ জীৱৰ আমি দেখো কিন্ত্ত কম সময়ত আমি আটাইবোৰ জীৱৰ বিষয়ে জনাটো সম্ভৱ নহয়। লগতে জীৱৰবোৰ এটা এটাকৈ অধ্য অধ্যয়ণ কৰিবও নোৱাৰি। অধ্যয়নৰ সুবিধাৰ বাবে জীৱবোৰৰ শ্ৰেণী বিভাজন কৰি লোৱা হয়।
2. তোমাৰ চাৰিওপাশে থকা বিভিন্ন জীৱবিলাকৰ মাজত দেখা পোৱা পাৰ্থক্য বিলাকৰ তিনিটা উদাহৰণ দিয়া।
উত্তৰঃ- আমাৰ চাৰিওফালে থকা জীৱবোৰৰ মাজত দেখা পোৱা পাৰ্থক্যবোৰৰ তলত আলোচনা কৰা হ’ল।
১। এফালে অণুবীক্ষণ যন্ত্ৰত দেখাপোৱা বেক্টেৰিয়া বা এককোষী জীৱবোৰ যাৰ দেহ মাত্ৰ এটা কোষেৰে গঠিত আনফালে সাগৰত থকা প্ৰকাণ্ড নীল তিমি যাৰ দেহ 30 মিটাৰ পৰ্য্যন্ত দীঘল হয়।
২. সৰল গছ যি বহু বছৰ ধৰি জীয়াই থাকে আনহাতে কিছুমান পতংগ যেনে মহ, মাখি আদি মাত্ৰ কেইদিন মানতে মৃত্যু ঘটে।
3. জীৱজগতৰ শ্ৰেণী বিভাজন কৰোতে কোনটো চৰিত্ৰগত বৈশিষ্ট্যক বেছি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিব?
(ক) সিহঁতে বসবাস কৰা স্থানক?
(খ)সিহঁতৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰক?
উত্তৰঃ- জীৱজগতৰ শ্ৰেণী বিভাজন কৰোতে সদায় জীৱবোৰ দেহ গঠনত অংশ লোৱা কোষৰ প্ৰকাৰৰ ওপৰত গুৰুত্ব দিয়া হয়।
কাৰণ জীৱবোৰৰ দেহ গঠন আৰু কাৰ্য্যৰ একক হ’ল কোষ। গতিকে কোষৰ গঠনৰ ওপৰত ভিত্তি কৰিহে আমি শ্ৰেণীবিভাজন কৰিব পাৰো।
আনহাতে আমি জীৱ বাসস্থানৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰিব নোৱাৰো কাৰণ একে বাসস্থানত থকা জাৱৰ মিল নাথাকিবও পাৰে।
4. জীৱজগতৰ শ্ৰেণীবিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো কি?
উত্তৰঃ- জীৱজগতৰ শ্ৰেণীবিভাজনত প্ৰথম পৰ্যায়ত বিবেচনা কৰা প্ৰাথমিক চৰিত্ৰগত বৈশিষ্ট্যটো হ’ল-
জীৱৰ কোষবোৰ সংকোষকেন্দ্ৰীয় (সুস্পষ্ট কোষকেন্দ্ৰ থকা)।
কোষ নে প্ৰকোষকেন্দ্ৰীয়কোষ (সুস্পষ্ট কোষকেন্দ্ৰ নথকা)।
5. কি চৰিত্ৰত বৈশিষ্ট্যক ভিত্তি কৰি উদ্ভিদ আৰু প্ৰাণীবিলাকক দুটা পৃথক ভাগত স্থান দিয়া হৈছে?
উত্তৰঃ- উদ্ভিদ আৰু প্ৰাণীবোৰক পৃথক ভাগত ভাগকৰা হৈছে সিহঁতৰ পুষ্টিৰ ওপৰত ভিত্তি কৰি। মানে উদ্ভিদবোৰ স্বপোষী জীৱৰ কাৰণ সালোকসংশ্লেষণৰ জৰিয়তে সিহঁতে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লব পাৰে। আনহাতে প্ৰাণীবোৰ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে কাৰণে সিহঁত পৰপোষী।
6. কোনবোৰ জীৱক নিম্নস্তৰীয় জীৱ বোলি কোৱা হয় আৰু এইবোৰ উচ্চস্তৰীয় জীৱবোৰৰ পৰা কিদৰে পৃথক?
উত্তৰঃ- যিবোৰ জীৱৰ দেহৰ গঠন সৰল, এককোষী আৰু লগতে প্ৰাচীন জীৱবোৰৰ গঠনৰ লগত জীৱবোৰৰ দেহৰ গঠনৰ মিল আছে তাকে নিম্নস্তৰীয় জীৱ বুলি কোৱা হয়।
উচ্চস্তৰৰ জীৱৰবোৰ বহুকোষী, দেহৰ গঠন অত্যন্ত জটিল লগতে দেহত কোষৰ শ্ৰমবিভাজন দেখা যায়।
7. উচ্চস্তৰীয়া জীৱ জটিল জীৱসমূহৰ দৰে একেইনে? যদি হয় কিয়?
উত্তৰঃ- উচ্চস্তৰীয়া আৰু জটিল জীৱসমূহ একে হয়। কাৰণ উচ্চস্তৰৰ জীৱবোৰৰ দেহ গঠন জটিল হয়। ইহঁতৰ দেহত কোষবোৰৰ মাজত শ্ৰমবিভাজন হয়। ইয়াত একে আকৃতি আৰু একে গঠনৰ কোষবোৰ লগ হৈ কলা গঠন কৰে আৰু শৰীৰৰ বিভিন্ন কাৰ্য সম্পন্ন কৰে।
8. মনেৰা আৰু প্ৰটিষ্টা ৰাজ্যৰ অন্তৰ্গত জীৱবিলাক কি নিৰ্ণায়ক চৰিত্ৰৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে।
উত্তৰঃ- মনেৰা আৰু প্ৰটিষ্টা দুয়ো ৰাজ্যৰ জীৱবোৰ এককোষী হয় কিন্ত্ত ইহঁতৰ কোষত কোষকেন্দ্ৰ আৰু আন কোষ অংগাণু থকা নথকাৰ ওপৰত ভিত্তি কৰি বিভক্ত কৰা হৈছে। মনেৰা ৰাজ্যৰ জীৱবোৰ এককোষী হলেওঁ ইহঁত প্ৰকোষ কেন্দ্ৰীয় আৰু অনান্য কোষ অংগাণুও নাথাকেও থাকে। আনহাতে প্ৰটিষ্ট ৰাজ্যৰ কোষবোৰ সংকোষকেন্দ্ৰী এককোষী লগতে কোষ অংগাণুও থাকে।
9. সালোক সংশ্লেষণ সংঘটিত কৰিব পৰা সংকোষ কেন্দ্ৰীয় কোষেৰে গঠিত এককোষী জীৱবোৰক তুমি কোনটো ৰাজ্যত অনতৰ্ভুক্ত কৰিবা?
উত্তৰঃ- সালোক সংশ্লেষণ কৰিব পৰা সংকোষকেন্দ্ৰীয় জীৱবোৰ প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্গত।
10. শ্ৰণীবিভাজনৰ বৰ্গানুক্ৰমত একে বৈশিষ্ট্যসূচক চৰিত্ৰৰ জীৱবিলাকত কোনটো বংগানুক্ৰমত আটাইতকৈ কম সংখ্যক আৰু কোনটো বংগানুক্ৰমত আটাইতকৈ বেছি সংখ্যক জীৱ অন্তৰ্ভুক্ত হয়?
উত্তৰঃ- শ্ৰেণীবিভাজনৰ বৰ্গানুক্ৰমত আটাইতকৈ কম সংখ্যক জীৱ থকা বংগানুক্ৰম হ’ল- ‘’প্ৰজাতি’’।
আৰু আটাইতকৈ বেছি সংখ্যক জীৱ থকা বৰ্গানুক্ৰম হ’ল- ৰাজ্য।
11. উদ্ভিদ জগতৰ কোনটো বিভাগৰ অন্তৰ্গত উদ্ভিদবিলাক একেবাৰে সৰল?
উত্তৰঃ- সমাঙ্গদেহী উদ্ভিদ(Thallophyta )
12. ঢেঁকীয়া জাতীয় উদ্ভিদখিনি সপুষ্পুক উদ্ভিদৰ পৰা কি ক্ষেত্ৰত পাৰ্থক্য?
উত্তৰঃ-
ঢেঁকীয়া জাতীয় উদ্ভিদ | সুপুষ্পক উদ্ভিদ |
১। ঢেঁকীয়া জাতীয় উদ্ভিদত ফুল দেখা নাযায়। | ১। সপুষ্পক উদ্ভিদত ফুল দেখ যায়। |
২। ৰেণুৰ দ্বাৰা বংশবিস্তাৰ কৰে বীজ ধাৰণ নকৰে। | ২। বীজ ধাৰণ কৰে। |
৩। নিম্নস্তৰীয়া উদ্ভিদ। | ৩। উচ্চস্তৰীয়া উদ্ভিদ। |
13. নগ্নবীজী উদ্ভিদ আৰু গুপ্তবীজী উদ্ভিদৰ মাজত থকা ইটোৰ লগত সিটোৰ পাৰ্থক্য কি?
উত্তৰঃ- পাৰ্থক্যবোৰ তলত আলোচনা কৰা হ’ল-
নগ্নবীজী | গুপ্তবীজী |
১। বীজ নগ্ন অৱস্থাত থাকে | ১। বীজৰ ওপৰত আৱৰণ থাকে। |
২। কোনো ধৰণৰ ফল পোৱা নাযায় | ফল দেখা যায়। |
৩। উদাহৰণ- সৰল গছ, ডিঅ’দাৰ ইত্যাদি। | ৩। উদাহৰণঃ আম গছ, ধান গছ ইত্যাদি। |
14. ৰন্ধ্ৰীপ্ৰাণীসমূহক একনলদেহী প্ৰাণীসমূহৰ পৰা কিদৰে পাৰ্থক্য কৰিব পাৰি?
উত্তৰঃ-
ৰন্ধ্ৰপ্ৰাণী | একনলদেহী |
১। দেহ অসংখ্য ৰন্ধ্ৰৰে গঠিত। | ২। কোনো ধৰণৰ ৰন্ধ্ৰ পোৱা নাযায়। |
২। দেহৰ গঠন অতি সৰল। | ২। দেহৰ গঠন অতি জটিল। |
৩। দেহত থকা ৰন্ধ্ৰই একোটা নলতন্ত্ৰ সৃষ্টি কৰে। | ৩। কোনো ধৰণৰ নতলতন্ত্ৰ সৃষ্টি নহয়। |
৪। প্ৰাণীসমূহৰ দেহক আৱৰি এখন কঠিন বহিঃআৱৰণ বা কংকাল থাকে। | ৪। কোনো ধৰণৰ বহিঃ আৱৰণ দেখা নাযায়, দেহ কোষৰ দুটা, তৰপেৰে গঠিত। |
৫। দেহ গহ্বৰ নাথাকে | ৫। এটা মাত্ৰ গহ্বৰ থাকে। |
৬। উদাহৰণঃ- স্পঞ্জ। | ৬। উদাহৰণঃ- প্ৰবাল, জেলিমাছ ইত্যাদি। |
15. কেনেকৈ বলীয়াদেহী প্ৰাণীসমূহক সন্ধীপদী প্ৰাণীকসমূহৰ পৰা পাৰ্থক্য কৰিব পাৰি?
উত্তৰঃ-
বলীয়ীদেহী | সন্ধীপদী প্ৰাণী |
১। দেহ দ্বি-পাৰ্শ্বভাৱে সমমিত আৰু ত্ৰিস্তৰীয়। | ১। দেহ দ্বি-পাৰ্শ্বভাৱে সমমিত আৰু খণ্ডযুক্ত। |
২। সুস্পষ্ট পৰিবহণ তন্ত্ৰদেখা নাযায়। | ২। পৰিবহণ তন্ত্ৰমুক্ত প্ৰকৃতিৰ পোৱা যায়। |
৩। দেহ গহ্বৰ তেজেৰে পূৰ্ণ হৈ নাথাকে। | ৩। দেহ গহ্বৰ তেজেৰে পূৰ্ণ হৈ থাকে। |
৪। সন্ধীযুক্ত ঠেং দেখা নাযায়। | ৪। প্ৰাণীবোৰ ঠেং সন্ধিযুক্ত |
৫। কেঁচু, জোক ইত্যাদি | উদাহৰণঃ পখিলা, মাখি ইত্যাদি। |
16. উভচৰ আৰু সৰীপসৃপ প্ৰাণীসমূহৰ মাজত পাৰ্থক্য কি?
উত্তৰঃ- পাৰ্থক্য সমূহ তলত দিয়া হ’ল-
উভচৰ | সৰীপসৃপ |
1. ছালত শ্লেমা গ্ৰন্থি থাকে | 1. শ্লেমা গ্ৰন্থি নাথাকে। |
2. জলক্লোম বা হাওঁফাওৰ সহায়ত উশাহ-নিশাহ লয়। | 2. ছালত বাকলি থাকে। |
3. জলক্লোম বা হাওঁফাও সহায়ত উশাহ-নিশাহ লয়। | 3. অকল হাওঁফাও সহায়ত উশাহ নিশাহ লয়। |
4. কণী পানীত পাৰে কাৰণ কণীবোৰত ডাঠ নাথাকে | 4. কণীবোৰত চোকোৰা থাকে কাৰণে পানীত পৰা প্ৰয়োজন নহয়। |
5. উদাহৰণঃ ভেকুলী, চালামাণ্ডাৰ ইত্যাদি। | 5. উদাহৰণঃ সাপ, কাছ জেঠী ইত্যাদি। |
17. পক্ষী শ্ৰেণীৰ অন্তৰ্ভুক্ত শ্ৰেণীসমূহ আৰু স্তন্য
পায়ীৰ প্ৰাণীসমূহৰ মাজত পাৰ্থক্য কি কি?
উত্তৰঃ–
পক্ষী | স্তন্য পায়ী |
1. পক্ষীবোৰে কণী পাৰে। | 1. স্তন্যপায়ীবোৰে পোৱালী জন্ম দিয়ে। |
2. দেহত স্তন গ্ৰন্থি নাথাকে। | ২. দেহত স্তন গ্ৰন্থি থাকে। |
3. দেহৰ বহিঃআৱৰণ পাখিৰে আবৃত। | 3. পাখিৰে আবৃত দেহ পোৱা নাযায়। |
4. আগ ঠেং দেউকালৈ ৰূপান্তৰ হয়। | 4. দেউকা নাথাকে। |
5. ছালত নুম বা চুলি, ঘৰ্মগ্ৰন্থি তৈল গ্ৰন্থি নাথাকে। | 5. ছালত নোম বা ছুলি, ধৰ্মগ্ৰন্থি তৈল গ্ৰন্থি পোৱা যায়। |
অনুশীলনী
1. জীৱবিলাকৰ বৰ্গীকৰণৰ সুবিধাসমূহ কি কি?
উত্তৰঃ বৰ্গীকৰণৰ সুবিধা সমূহ তলত আলোচনা কৰা হ’ল।
(১) জীৱজগতৰ বিচিত্ৰতা নিৰ্ণয় কৰিবলৈ বৰ্গীকৰণে আমাক সহায় কৰে।
(২) জীৱৰ বৰ্গীকৰণৰ কাৰণে জীৱসমূহৰ মাজত থকা পাৰ্থক্য আৰু সাদৃশ্য আমি জানিব পাৰো।
(৩) জীৱ এটাৰ বিতংকৈ অধ্যয়ণ কৰিবলৈ হলে বৰ্গীকৰণৰ দৰকাৰ হয়।
(৪) জীৱৰ বৰ্গীকৰণে আমাক জীৱৰ ক্ৰমবিকাশৰও জ্ঞান দিয়ে।
(৫) জীৱবোৰৰ পৰস্পৰৰ মাজত থকা সম্পৰ্কবোৰ জানিবলৈ বৰ্গীকৰণৰ দৰকাৰ হয়।
(৬) জীৱৰ বৰ্গীকৰণৰ সহায়ত আমি কোনো এটা জীৱ এককোষী নে বহুকোষী, স্ব-পোষী নে পৰপোষী জানিব পাৰো।
2. জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্টকে বিবেচনা কৰি কেনেদৰে শ্ৰেণীবিভাজনৰ বৰ্গীকৰণ কৰিবা?
উত্তৰঃ জীৱৰ দুটা চৰিত্ৰৰ মাজত থকা বৈশিষ্টকে বিবেচনা কৰি শ্ৰেণীবিভাজন কৰিবলৈ হলে আমি প্ৰথমে চাবলাগিব জীৱটো সংকোষ কেন্দ্ৰীয় নে প্ৰকোষকেন্দ্ৰীয়। মানে ইয়াত কোষৰ গঠন আৰু আকৃতিৰ ওপৰত ভিত্তি কৰি কোষটোত কোষকেন্দ্ৰ আছে নে নাই চাব লাগিব। পিছত জীৱকেইটা পৰপোষী নে স্ব-পোষী এইটো বৈশিষ্ট্য চাব লাগিব মানে জীৱটোৱে সালোকসংশ্লেষণ কৰিবপাৰে নে নোৱাৰে।
3. জীৱ জগতৰ পঞ্চ ৰাজ্য বিভাজনৰ ভিত্তিসমূহ বৰ্ণনা কৰা।
উত্তৰঃ জীৱ জগতৰ পঞ্চ ৰাজ্য বিভাজনৰ ভিত্তিসমূহ হ’ল-
(১) পঞ্চৰাজ্য বিভাজনৰ মৌলিক বৈশিষ্ট হ’ল যে জীৱ প্ৰকোষকেন্দ্ৰীয় নে সংকোষকেন্দ্ৰীয়। জীৱৰ দেহত আৱৰণী বিশিষ্ট কোষাংগণু আছে নে নাই।
(২) কোষাবোৰ গাইগুটিয়াকৈ থাকেনে সমষ্টি হিচাপে থাকে। বহুকোষী জীৱৰ দেহত কোষবোৰে শ্ৰম বিভাজন নীতিটো মানি চলে। ইয়াত সকলো বোৰ কোষ দেখাত ইটোৰ লগত সিটো একে নহয়। গতিকে জীৱবোৰ এককোষী নে বহুকোষী তাৰ ওপৰত ভিত্তি কৰি শ্ৰণীবিভাজন কৰে।
(৩) জীৱবোৰ স্ব-পোষী নে পৰপোষী চোৱা হয় মানে জীৱই সালোকসংশ্লেণ কৰিব পৰা বা নোৱাৰৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা হয়।
(৪) প্ৰাণীবিলাকৰ ক্ষেত্ৰত সিহঁতৰ দেহৰ অংগৰ গঠনৰ ওপৰত ভিত্তি কৰি শ্ৰেণীবিভাজন কৰা হয়।
4. উদ্ভিদ ৰাজ্যৰ মূখ্য উপবিভাগসমূহ কি কি? এইবিলাক কিহৰ ওপৰত ভিত্তি কৰি বিভাজন কৰা হৈছে?
উত্তৰঃ
উদ্ভিদ ৰাজ্যৰ শ্ৰেণীবিভাজন ক্ষেত্ৰত
(১) প্ৰথম পৰ্যায়ত উদ্ভিদৰ দেহটো কিছুমান উপাংগত খণ্ড বিখণ্ড বা স্পষ্টকৈ পৃথকীকৰণ কৰিব পাৰি নে নোৱাৰি তাক বিবেচনা কৰা হয়।
(২) দ্বিতীয় পৰ্যায়ত সিহঁতৰ দেহত পানী আৰু অন্যানী দ্ৰব্যৰ পৰিবহণৰ বাবে বিশেষ কলা থাকেনে তাক বিবেচনা কৰা হয়।
(৩) পিছৰ পৰ্যায়ত বীজ ধাৰণ কৰা বা নকৰাক লৈ বিবেচনা কৰা হয়। তদুপৰি বীজ ফলেৰে আবৃত হয় নে নহয় তাকোও বিবেচনা কৰা হয়।
5. উদ্ভিদ ৰাজ্যৰ শ্ৰেণীবিভাজন কৰা ভিত্তিসমূহ আৰু প্ৰাণী জগতৰ শ্ৰেণীবিভাজনৰ ভিত্তিসমূগৰ মাজৰ প্ৰভেদ কি?
উত্তৰঃ- উদ্ভিদ ৰাজ্যৰ শ্ৰেণীবিভাজনৰ সময়ত ইয়াৰ বিভিন্ন ধৰণৰ বাহ্যিক চৰিত্ৰৰ লক্ষ্য ৰাখি কৰা হয়। যেনে, উদ্ভিদ দেহ পৃথক অংশত ভাগ কৰিব পাৰি নে নাৱাৰি, সংবহন কলা থাকে নে নাথাকে, বীজ ধাৰণ কৰে নে নকৰে লগতে বীজ আৱৰণ থাকে নে নাথাকে ইত্যাদি কথাত লক্ষ্য ৰখা হয়।
আনহাতে প্ৰাণী শ্ৰেণীবিভাজনৰ সময়ত প্ৰাণীসমূহৰ বিস্তৃতি আৰু দেহ গঠনৰ ভিন্নতা ওপৰত ভিত্তি কৰি ভিভাজন কৰা হয়। যেনে- কোষস্তৰৰ সংগঠন বা কলাস্তৰৰ সংগঠন, দেহগুহা থাকে নে নাথাকে, মেৰুদণ্ড থাকে নে নাথাকে ইত্যাদি কথাত লক্ষ্য ৰখা হয়।
6. মেৰুদণ্ডী প্ৰাণীসমূহৰ উপবিভাজন কেনেকৈ কৰা হৈছে ব্যাখ্যা কৰা।
উত্তৰঃ- মেৰুদণ্ডী প্ৰাণীসমূহক প্ৰধানকৈ ২ টা ভাগত ভাগ কৰা হৈছে সেইকেইটা হ’ল মৎস্য আৰু চতুষ্পদী।
১. মৎস্যঃ মৎস্য উপবিভাজনৰ সকলোবোৰ প্ৰাণীয়ে জলচৰ প্ৰাণী। ইহঁতৰ দেহ মাকোসদৃশ আৰু বাকলিৰে আবৃত্ত দেহত থকা ফুলৰ সহায়ত সিহঁতে শ্বাস-প্ৰশ্বাস গ্ৰহণ কৰে।মৎস্য বোৰ শীতলৰক্তী আৰু হৃদযন্ত্ৰৰ কোঠালি দুটা।
উদাহৰণঃ ছাৰ্ক, ৰৌ, কাৱৈ ইত্যাদি।