জনমভূমি
৩) উত্তৰ দিয়া।
ক) কবিয়ে কাৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে?
উত্তৰঃ কবিয়ে আইৰ কোলাত প্ৰথমে চকু মেলাৰ কথা কৈছে।
খ) কবিৰ ভাগৰুৱা আত্মাই কোন ঠাইত শেষ জিৰণি লবলৈ ইচ্ছা প্ৰকাশ কৰিছে?
উত্তৰঃ কবিৰ ভাগৰুৱা আত্মাই আইৰ কোলাত শেষ জিৰণি লবলৈ ইচ্ছা কৰিছে ।
গ)কবিয়ে পখী হৈ কত বাহ লম বুলি কৈছে?
উত্তৰঃ কবিয়ে পখী হৈ উখ বিৰিখত বাহ লম বুলি কৈছে ।
ঘ)কবিয়ে হিমালয় পবতৰ কত আৰু কি হৈ ৰব বুলি কৈছে?
উত্তৰঃ কবিয়ে হিমালয় পৰ্বতৰ শুকুলা টিঙত গৈ মানসি বিলত ফুলি ৰব বুলি কৈছে ।
৪)উদাহৰণত দিয়াৰ দৰে কবিতাটোৰ পৰা অন্ত্যমিল থকা শব্দবোৰ বাছি উলিয়াই লিখা।
উদাহৰণঃ
পুৱাত – সন্ধিয়াত
কোলাত – ছায়াত
বিৰিখত – গীতত
জেউতি – আৰতি
বিলত – চৰণত
হৈ- ৰৈ
ৰাতি- মাটি
৫)তলৰ শব্দবোৰৰ অৰ্থ মিলাই লিখা।
শব্দ অৰ্থ
পখী —– চৰাই
শীতলী —– চেঁচা
সোণোৱালী —– সোণ-বৰণীয়া
মৰম —– চেনেহ
প্ৰথম —– আদি
টিং —– পৰ্বতৰ আগ বা ওখ ঠাই
৬। ‘মুদিম আকৌ চকু
তোমাৰ কোলাতে শুই
জীৱনৰ শেষ সন্ধিয়াত’।
ওপৰৰ কবিতাফাকি গদ্যৰূপ হ’ল- জীৱনৰ শেষ সন্ধিয়াত তোমাৰ কোলাত শুই আকৌ চকু মুদিম। এই উদাহৰণটো চাই তলৰ কবিতা কেইফাকি গদ্য ৰূপত লিখা।
(ক) সোণোৱালি মেঘ হৈ
ৰঙা হাঁহি বিৰিঙাম
শেঁতা পৰা দুখনি ওঁঠত।
(খ) আকাশৰ তৰা হৈ
ৰ লাগি চাই ৰ’ম
সেউজীয়া শুৱনি জেউতি ।
৭। পাঠত থকা ‘জনমভূমি’কবিতাংশৰ মূলভাব লিখা।
খ- ভাষা অধ্যয়ন ( ব্যাৱহাৰিক ব্যাকৰণ )
৮। উপযুক্ত স্থানত যতি চিহ্ন প্ৰয়োগ কৰি তলৰ পদ্য কেইফাকি পুনৰাই লিখা।
পুঁৱতিৰ লগে লগে জগাম তোমাক নিতে
বনৰীয়া সুৱদি গীতত
আকাশৰ তৰা হৈ ৰ লাগি চাই ৰ’ম
সেউজীয়া শুৱনি জেউতি
জোনাকত মিল বিমান পথত ৰৈ
ওৰে ৰাতি কৰিম আৰতি
৯)তলৰ শব্দবোৰৰ বিপৰীত অথ বুজোৱা শব্দ লিখা।
উত্তৰঃ- জনম – মৰণ শেষ – আৰম্ভ
ছাঁ – পোহৰ ওখ -চাপৰ
ৰাতি-দিন দুখীয়া-ধনী
১০। (ক) ছবিসমূহৰ তলত দিয়া শব্দবোৰৰ খালীঠাইসমূহ বিশেষণ পদেৰে পূৰ কৰা-
(খ) বন্ধনীৰ ভিতৰত থকা শব্দবোৰৰ পৰা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি ভাগে ভাগে লিখা। ( ভাল, ল’ৰা, ক’লা, কাউৰী, নীলা, আকাশ, লেতেৰা, সৰু, মাছ, পানী, গাখীৰ, বগা,।)
বিশেষ্য পদ | বিশেষণ পদ |
ল’ৰা, আকাশ, পানী, কাউৰী,গাখীৰ, মাছ | ভাল, সৰু, বগা, কলা, নীলা লেতেৰা |
গ – জ্ঞান সম্প্ৰসাৰণ
১১। কবিয়ে আকাশৰ তৰা হৈ পৃথিৱীৰ সেউজীয়া বৰণ চাবলৈ বিচাৰিছে। তুমি আংকাশত উৰিব পাৰিলে কি চাবলৈ বিচাৰিবা, লিখা।
১২। জনমভূমিৰ দৰে স্বদেশপ্ৰেমমূলক কবিতা টা সংগ্ৰহ কৰি আবৃত্তি কৰা।
১৩। তুমি তোমাৰ অঞ্চলৰ বাবে কেনেধৰণৰ ভাল কাম কৰিবলৈ বিচৰা, লিখা।
TYPE__জ্যোতিষ কাকতি Jyotish kakati