সন্মান
১। অতি চমু উত্তৰ দিয়াঃ
(ক) অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে ।
উঃ অধিকাৰ আৰু শাসনকৰ্তা নথকা দেশ এখনত মানুহে স্বপ্ৰধান হৈ আপোনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে ।
খ) ছাতৰে শিক্ষকৰ ধাৰ গুজিব পাৰেনে ?
উঃ ছাতৰে শিক্ষকৰ ধাৰ গুজিব নোৱাৰে ।
গ)ৰজা তেওঁ দেৱতাৰো দেৱতা , বিধাতাৰো বিধাতা , ৰজাৰো ৰজা – তেওঁ কোন ?
উঃ ৰজা তেওঁ দেৱতাৰো দেৱতা , বিধাতাৰো বিধাতা , ৰজাৰো ৰজা – ইয়াত তেওঁ বুলি ইশ্বৰক বুজোৱা হৈছে ।
ঘ) হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল ?
উঃ হেমচন্দ্ৰ বৰুৱা আসাম নিউজ কাকতৰ সম্পাদক আছিল ।
ঙ) হেমকোষ কি ?
উঃ হেমকোষ হৈছে অসমীয়া ভাষাৰ প্ৰথম বৃতপত্তিগত অভিধান ।
চ) কানীয়াৰ কীৰ্তন ৰচক কোন ?
উঃ কানীয়াৰ কীৰ্তন ৰচক হল – হেমচন্দ্ৰ বৰুৱা ।
২) ঈশ্ৱৰৰ পাচতে পিতৃ – মাতৃ আমাৰ মাননীয় – কথাষাৰ বুজাই লিখা ?
উঃ আমাৰ এই সমাজত এজনে আনজনৰ প্ৰতি দেখুওৱা আদন বা শ্ৰদ্ধাই হৈছে সন্মান । কোনো এজন লোকে তেওঁৰ নিজৰ গুন , পদমযাৰ্দা আদিৰ ভিক্তিত সমাজ এখনত সন্মান লাভ
আমাৰ পাঠ্য়পুথিত অন্তগৰ্ত সন্মান পাঠটিৰ প্ৰকৃত সন্মানৰ ৰাত্ৰ কোন , কাক আমি সন্মান প্ৰদান কৰিব লাগে আৰু কেনেকৈ সন্মান কৰিব লাগে সেই কথাৰ বিষয়ে এটি আভাস দিয়াৰ বাবে যত্ন কৰা হৈছে । সন্মান পাঠটিত লিখকে সকলোকে পোন প্ৰথমে ঈশ্বৰৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি ৰাখিবলৈ অনুৰোধ কৰিছে । ইয়াত কোৱা হৈছে যে আমি এই পৃথিৱী মনত পোহৰ দেখাৰ মূলতে যি কাৰণ , সেই কাৰণৰ নাম হৈছে ঈশ্ৱৰ । তেওঁ এই বিশ্ৱব্ৰহ্মাণ্ডখনৰ সৃষ্টিকৰ্তা । তেওঁ সকলোৰে আদি, কিন্তু তেওঁৰ কোনো আদি – অন্ত নাই । তেওঁ সকলোকে সৃষ্টিকৰ্তা আৰু পালনকৰ্তা । গতিকে আমি সকলোৱে ঈশ্বৰক শ্ৰদ্ধা ভক্তি কৰিব লাগে ।
ঈশ্বৰৰ পিছতে দ্ৱিতীয় শ্ৰেষ্ঠজন হৈছে আমাৰ পিতৃ – মাতৃ । কাৰণ তেওঁলোকে আমাক জন্ম দিছে , লালন – পালন কৰি ডাঙৰ – দীঘল কৰিছে , জ্ঞান – বিদ্যা শিক্ষা আদি দি এজন ভাল মানুহ কৰি তুলিবলৈ যত্ন কৰিছে । আমাৰ দুখত দুখী আৰু সুখত সুখী হবলৈ পিতৃ – মাতৃ অহৰহ সাজু হৈ থাকে সদাই । আমাৰ প্ৰতিটো সুনামে তেওঁলোকক নতুন জীৱন দিয়ে আৰু দুযৰ্শে তেওঁলোকক মনোকষ্ট দিয়ে । তেওঁলোকে আমাৰ বাবে বহুত দুখ – কষ্ট সহিও আমাক জীৱন যাত্ৰাৰ সফল সৈনিক ৰূপে গঢ়ি তুলিবলৈ চেষ্ট কৰে আৰু তেওঁলোকৰ সেই কষ্টৰ বাবে আজি তেওঁলোক আমাৰ সকলোতকৈ মান্য় বা সন্মানীয় ।
৩) শিক্ষকৰ প্ৰতি ছাত্ৰই মান – সতকাৰ কিয় ৰাখিব লাগে ?
উঃ আমি সদায় শিক্ষকসকলৰ প্ৰতি মান সতকাৰ ৰাখিব লাগে । কাৰণ পিতৃ – মাতৃয়ে আমাক জন্ম দিয়ে , লালন পালন কৰে , জ্ঞান -বিদ্যা শিকাই সত লোক এঝন কৰিবলৈ চেষ্টা কৰে । শিক্ষকসকলে আমাক জ্ঞান দিয়ে । আমাৰ জীৱনত এনে কিছুমান কথা যাক আমি সহজে বুজিব নোৱাৰো । শিক্ষকসকলে আমাক জ্ঞান দি সাধাৰণ চকুৰে নেদেখা , নুৱুজা কথাবোৰ বুজি পোৱাত সহায় কৰে । শিক্ষক সকলে আমাক জীৱনৰ সঠিক বাটৰ নিৰ্দেশনা দিয়ে । শিক্ষকৰ ঋন কোনো ছাত্ৰ – ছাত্ৰীয়ে কেতিয়াও পূৰ কৰিব নোৱাৰে । আমাৰ শাস্ত্ৰত লিখা আছে যে অধ্য়াপকে যদি মাত্ৰ এটি আখৰো ছাত্ৰক সিকাই , তেন্তে ছাত্ৰজনে পৃথিৱীৰ একোবস্তোৰেই অধ্যাপকজনৰ ধাৰ পৰিশোধ কৰিব নোৱাৰে কেতিয়াও । গতিকে আমি সকলোৱে শিক্ষকৰ প্ৰতি মান – সতকাৰ সদাই ৰাখিব লাগে ।
৪) সন্মান পাঠটোৰ পৰা কি কি শিকিলা , চমুকৈ লিখা ।
উঃ উত্তৰৰ বাবে ২ নং আৰু ৩ নং প্ৰশ্নউত্তৰ গৈ চোৱা ।
ভাষা – বিষয়ক ঃ
১) তলৰ শব্দবোৰৰ সমাৰ্থক শব্দ লিখা ?
নৰিয়া , জগত, লোতক , চকু , হেতু , মান ।
উঃ নৰিয়া – ৰোগ , বেমাৰ , অসুখ ।
জগত – ধৰিত্ৰী , বখুমতী , কৃথিৱী ।
লোতক – অশ্ৰু , চকুপানী , চকুলো ।
চকু – নেত্ৰ , নয়ন , অক্ষি ।
হেতু – কাৰণ , বাবে ।
মান – শ্ৰদ্ধা , সন্মান ।
২) বিপৰীত শব্দ লিখা ।
শ্ৰদ্ধা , শলাগ , আদি , দুষ্ট , জ্যেষ্ঠ , ন্যায় ।
উঃ শ্ৰদ্ধা – ঘৃনা , অশ্ৰদ্ধা ।
শলাগ – অশলাগ ।
আদি – অন্ত ।
দুষ্ট – সান্ত , সত ।
জ্যেষ্ঠ – কনিষ্ঠ ।
ন্যায় – অন্যায় ।
Answer by Bhargov jyoti Narth