সংবিধান আৰু ইয়াৰ প্ৰয়ােজনীয়তা
১) চমু উত্তৰ লিখা-
ক) সংবিধান বুলিলে কি বুজা ?
উত্তৰ- ৰাষ্ট্ৰ এখন সুকলমে পৰিচালনা কৰা আৰু ইয়াৰ নাগৰিকসকলক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে কিছুমান নীতি নিয়মৰ প্ৰয়োজন হয় ǀৰাষ্ট্ৰ পৰিচালনাৰ বাবে দৰকাৰী এই নীতি নিয়ম আৰু আইন কানুন সমূহকে সংবিধান বোলে ǀ
খ) সংবিধান পৰিবৰ্তন কৰা প্ৰক্ৰিয়াটোক কি বোলে ?
উত্তৰ- সংবিধান পৰিবৰ্তন কৰা প্ৰক্ৰিয়াটোক সংবিধান সংশোধন প্ৰক্ৰিয়া বোলে ǀ
গ)নেপালত কোন চনত গণতন্ত্ৰ প্ৰতিস্হিত হয় ?
উত্তৰ- নেপালত ২০০৮ চনত গণতন্ত্ৰ প্ৰতিস্হিত হয় ǀ
ঘ) লিখিত সংবিধানৰ প্ৰচলন থকা তিনিখন ৰাষ্ট্ৰৰ নাম লিখা ǀ
উত্তৰ- ভাৰতবৰ্ষ,আমেৰিকা যুক্তৰাষ্ট্ৰ, চুইজাৰলেণ্ড
২) চমু টোকা লিখা আং ছান ছ্যু কী, নমনীয় সংবিধান, অলিখিত সংবিধান, ক্ষমতা বিভাজন
৩) শুদ্ধ উত্তৰটো বাছি উলিওৱা-
(ক)ইংলেণ্ডৰ সংবিধান লিখিত/অলিখিত ǀ
উত্তৰ- অলিখিত
(খ)ভাৰতবৰ্ষৰ সংবিধান অনমনীয়/নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ ǀ
উত্তৰ- নমনীয়
(গ)কাৰ্যপালিকাই/বিধানমণ্ডলে/ন্যায়পালিকাই দেশৰ আইনসমূহ প্ৰস্তুত কৰে ǀ
উত্তৰ- কাৰ্যপালিকাই
৪) সংবিধান কেই প্ৰকাৰৰ আৰু কি কি বাখ্যা কৰা ǀ
উত্তৰ-
৫) উত্তৰ লিখা-
(ক) লিখিত আৰু অলিখিত সংবিধানৰ দুটা পাৰ্থক্য ǀ
উত্তৰ- লিখিত সংবিধানঃ যিবোৰ সংবিধান লিখিত ৰূপত থাকে তাকে লিখিত সংবিধান বুলি কোৱা হয় । পৃথিৱীৰ প্ৰায়বোৰ ৰাষ্ট্ৰতে লিখিত সংবিধান আছে ।
লিখিত সংবিধানৰ দুটা পাৰ্থক্য হ’ল- (i) লিখিত সংবিধান স্পষ্ট আৰু নিৰ্দিষ্ট ।
(ii) লিখিত সংবিধানৰ ৰচনাকাল আৰু ৰচনাকাৰী সমন্ধে অৱগত হ’ব ।
অলিখিত সংবিধানঃ পৃথিৱীৰ প্ৰায়বোৰ দেশতে লিখিত সংবিধানৰ ব্যৱস্থা আছে । এই ক্ষেত্ৰত ব্যতিক্ৰম হৈছে ইংলণ্ডৰ সংবিধান যাৰ কোনো কোনো অলিখি ৰূপ নাই । এনেধৰণৰ সংবিধানক অলিখিত সংবিধান বুলি কোৱা হয় ।
অলিখিত সংবিধানৰ পাৰ্থক্য হ’লঃ (i) বিভিন্ন সময়ত প্ৰচলিত প্ৰথা-পদ্ধতি, ৰীতি-নীতি, ঐতিহ্য আৰু পৰম্পৰাৰ ওপৰত নিৰ্ভৰ কৰি অলিখিত সংবিধানৰ সৃষ্টি হৈছে ।
(ii) এই সংবিধানত কোনো বিষয় লিখিত ৰূপত নাথাকে ।
(খ) অনমনীয় সংবিধানৰ দুটা বৈশিষ্ট্য ǀ
উত্তৰ- ১) অনমনীয় সংবিধানৰ সংশোধন পদ্ধতি জটিল ǀ ২) অনমনীয় সংবিধান সদায় লিখিত ৰূপত থাকে
৬) ‘গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবিধানৰ প্ৰয়োজনীয়তা আছে’ -যুক্তিসহ আলোচনা কৰা ǀ
উত্তৰঃ
৭) তলত উল্লেখ কৰা ৰাষ্ট্ৰসমূহ উপযুক্ত স্হানত বহুওৱা- ভাৰতবৰ্ষ,আমেৰিকা যুক্তৰাষ্ট্ৰ,ইলেণ্ড
উত্তৰ-
নমনীয় | অনমনীয় | নমনীয় আৰু অনমনীয়ৰ সংমিশ্ৰণ |
ইংলেণ্ড | আমেৰিকা যুক্তৰাষ্ট্ৰ | ভাৰতবৰ্ষ, |