বিজ্ঞান আৰু আমাৰ মানসিকতা
২) উত্তৰ দিয়া।
(ক) ছিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰাবাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল?
উত্তৰঃ ছিতা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো ভ্ৰাম্য়ভাষৰ যোগেদি প্ৰচাৰ হৈছিল।
(খ) বুধবাৰে ছাত্ৰ-ছাত্ৰীসকলে কিয় বিদ্যালয়লৈ অহা নাছিল?
উত্তৰঃ বুধবাৰে ছাত্ৰ-ছাত্ৰী সকলে ছিতা লোৱাৰ ভয়ত বিদালয়লৈ অহা নাছিল ।
(গ) বিদ্য়ালয়লৈ ছিটা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল?
উত্তৰঃ বিদ্য়ালয়লৈ ছিটা সম্পৰ্কে সবিশেষ জনাবলৈ ডঃ পায়েং আহিছিল ।
৩) চমু উত্তৰ লিখা।
(ক) ভ্ৰাম্যভাষত অহা উৰাবাতৰিটোত ছিটা ললে কি হব বুলি কৈছিল?
উত্তৰঃ ভ্ৰাম্য়ভাষত অহা উৰাবাতৰিটোত ছিতা ললে শিশুসকলৰ ভীষণ অপকাৰ হ’ব বুলি কৈছিল ।
(খ) জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কি বেলেগ দেখিছিল?
উত্তৰঃ জংকীয়ে বুধবাৰৰ দিনা ৰাস্তাত তাইৰ বন্ধু কমল আৰু জেনিথক লগ পোৱা নাছিল আৰু বিদ্য়ালয়ত তাইৰ লগৰিয়া আৰু আন ছাত্ৰ-ছাত্ৰী সকলক দেখা নাছিল ।
(গ) সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসক গৰাকীয়ে কি কি কৈছিল?
উত্তৰঃ অন্য় অনুজীৱৰ দৰে ৱীজাণু আমাৰ দেহত প্ৰৱেশ কৰে । কিছুমান শক্তিশালী বীজাণুৱে পলিঅ, হেপাটাইটিছ আদি ৰোগৰ সৃষ্টি কৰে । সেইবোৰ বীজাণুৱে মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাসকৰে ।ছিটা প্ৰয়োগ কৰি এই ভয়ানক ৰোগ সমূহক দূৰ কৰিব পাৰি ।
(ঘ) উৰাবাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল?
উত্তৰঃ- উৰাবাতৰিটোৱে ৰতন পুৰ গাৱৰ মাজত ভয়ৰ সৃষ্টি কৰিছিল ।
(ঙ) প্ৰধান শিক্ষক মহোদয়ে ছিটাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল?
উত্তৰঃ- এখন জৰুৰী সভা আয়োজন কৰিছিল আৰু তালৈ অভিভাৱক , ছাত্ৰ-ছাত্ৰী আৰু ডাক্তৰ পায়েংক মাতিছিল আৰু তেওঁ ছিটাৰ বিষয় বুজাই দিছিল ।
৪) উদাহৰণত দেখুওৱাৰ দৰে শব্দৰ লগত অৰ্থ মিলোৱা।
শব্দ অৰ্থ
হাট বাধা
প্ৰাঙ্গণ এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা , সোঁচৰা
বীজাণু সৰু কিতাপ
সংক্ৰমক চোতাল
প্ৰতিৰোধ নিদিষ্ট দিনত বহুত মানুহ গোট খাই কিনা -বেচা কৰা ঠাই
পুস্তিকা ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱানু
উত্তৰঃ-শব্দ অৰ্থ
হাত নিদিস্ত দিনত বহুত মানুহ গোট খাই কিনা – বেচা কৰা ঠাই ।
প্ৰাঙ্গণ চোতা।
বীজানু ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱনু ।
সংক্ৰামক এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা , সোঁচৰা ।
প্ৰতিৰোধ বাধা ।
পুস্তিকা সৰু কিতাপ ।
(৫) শংকৰ , তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজো হোৱা নাই কিয়
-কথাষাৰ কোনে , কাক আৰু কিয় কৈছিল?
উত্তৰঃ-
৬) উৰাবাতৰিসমুহ সমাজৰ বাবে একপ্ৰকাৰ সোঁচৰা ৰোগ।
– কথাষাৰৰ বিষয়ে দলত আলোচনা কৰি নিজৰ নিজৰ মহামত প্ৰকাশ কৰা ।
৭) তলৰ বাকচত দিয়া শব্দকেইটাৰ বাক্য ৰচনা কৰা ।
দলং – দলং খনত লৰা বোৰে খেলি আছে ।
কলং- কলং এখন নদীৰ নাম ।
শিং- শিং নথকা গৰুক লাউমুৱা বোলে ।
ৰং – লৰা- ছোৱালীবোৰে পথাৰত ৰং মনে খেলি আছে ।
৮) এটা শব্দত প্ৰকাশ কৰা –
(ক) যি একেলগে পঢ়ে – সহপাঠী ।
(খ) যি জানিবলৈ ইচ্ছা কৰে – আগ্ৰহী ।
(গ) গাঁৱৰ মুখিয়াল- গাওঁ বুহা ।
(ঘ) কাৰো পক্ষ নোলোৱা- নিৰপক্ষ
(ঙ) এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা বেমাৰ – সংক্ৰামক।
৯) বিপৰীতাথক শব্দ লিখা।
আৰম্ভ- শেষ
উপস্থিত- অনুপস্থিত
অপকাৰ- উপকাৰ–
বাদ-অবাদ বা ধৰা
দিন- ৰাতি
মান্তি- অমান্তি
১০। পঢ়া আৰু দফাটোত থকা ‘ং’ আৰু ‘ঙ’ৰ ব্য়ৱহাৰ শিকা। শংকৰৰ বান্ধৱীৰ নাম জংকী। জংকীৰ ঘৰ কলঙৰ পাৰত। কলং নৈৰ ওপৰত দলং আছে। কলঙেদি টুলুঙা নাও চলে। সেই নাৱত ওঠি মাছমৰিয়াই মাছ মাৰে। দলঙৰ পৰা শংকৰহঁতে মাছ ধৰা চাই বৰ ৰং পাইছে।
১১। তোমালোকে পাঠত পাইছা যে ৰতনপুৰ গাঁৱত বুধবাৰে সাপ্তাহিক হাট বহে। তোমালোকে জনা এনে হাটৰ বিষয়ে পাঁচশাৰী লিখা।
১২। চিকিৎসক পায়েঙে ছিটা প্ৰয়োগ কৰাৰ উপকাৰিতাৰ বিষয়ে কোৱা কথাখিনি তুমি তোমাৰ অভিভাৱকৰ আগত কনেদৰে প্ৰকাশ কৰিবা, দলত আলোচনা কৰি লিখা।
১৩। তোমাৰ অঞ্চলৰ যিকোনো এটা সমস্যাৰ বিষয়ে বৰ্ণনা কৰি বাতৰি কাকতত প্ৰকাশৰ বাবে সম্পাদকলৈ এখন চিঠি লিখা।
১৪। তুমি যদি কেতিয়াবা উৰাবাতৰিৰে প্ৰৰোচিত হোৱা, তেনেহ’লে তাৰ পৰা পৰিত্ৰাণ পাবলৈ কি উপায় ল’বা কোৱা।১৫। ছবিখন চাই এটা কাহিনী লিখা।
TYPE^__জ্যোতিষ কাকতি Jyotish kakati