পদাথ ধাতু আৰু অধাতু
১) তলৰ কোনবোৰক পিটি পিটি পাতৰ পাতল আকাৰলৈ নিব পাৰি ?
(ক) জিংক (খ) ফছফৰাছ (গ) গন্ধক (ঘ) অক্সিজেন
উত্তৰ ঃ (ক) জিংক
২) তলত দিয়া কোনটো উক্তি শুদ্ধ?
(ক) সকলো ধাতু নমনীয়।
(খ) সকলো অধাতু নমণীয়।
(গ) সাধৰণতে ধাতুসমূহ নমনীয়।
(ঘ) কিছুমান অধাতু নমনীয়।
উত্তৰ ঃ (গ) সাধৰণতে ধাতুসমূহ নমনীয়।
৩) খালী ঠাই পূৰ কৰা-
(ক) ফৰফৰাছ এবিধ অতি সক্ৰিয় ধাতু।
(খ) ধাতুসমূহ তাপ আৰু বিদ্য়ুতৰ সু-পৰিবাহী।
(গ) তামতকৈ লো অধিক সক্ৰিয়।
(ঘ) ধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছ উৎপন্ন কৰে।
৪) উক্তিবোৰ শুদ্ধ আৰু অশুদ্ধ চিহ্নত কৰাঃ
(ক) সাধাৰণতে , অধাতুসমূহে অম্লৰ সৈতে বিক্ৰিয়া কৰে ।
উত্তৰঃ অশুদ্ধ।
(খ) ছ’ডিয়াম এবিধ বৰ সক্ৰিয় ধাতু ।
উত্তৰঃ শুদ্ধ।
(গ) জিংক ছালফেটৰ দ্ৰৱৰ পৰা তামে জিংক অপসাৰিত কৰে।উত্তৰঃ অশুদ্ধ।
(ঘ) কয়লা টানি তাৰৰ ৰূপ দিব পাৰি।
উত্তৰঃ অশুদ্ধ।
৫) তলৰ ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য় লিখা।
উঃ
ধৰ্ম | ধাতু | অধাতু |
১। বাহ্যিক ৰূপ | চিকমিকিয়া | অনুজ্বল |
২। কঠিনতা | কঠিন | কোমল |
৩। ঘাতসহনীয়তা | ধাতুক কোবাই পাতৰ আকাৰত গঢ় দিব পাৰি | অধাতুক কোবালে গুড়ি হৈ যায়। |
৪। নমনীয়তা | ধাতুক টানি তাঁৰৰ আকাৰ দিব পাৰি | অধাতুক টানি তাঁৰৰ আকাৰ দিব নোৱাৰি |
৫। তাপ পৰিবাহিতা | সুপৰিবাহী | কু-পৰিবাহী |
৬। বিদ্যুত পৰিবাহিতা | সুপৰিবাহী | কু-পৰিবাহী |
৬) কাৰণ দৰ্শোৱা ঃ
(ক) খাদ্য়- সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়াম পাত ব্য়ৱহাৰ কৰা হয়।
উত্তৰ ঃ
(খ) জুলীয়া পদাৰ্থ তপতাবলৈ ব্য়ৱহাৰ কৰা নিমজ্জন দণ্ডবোৰ ধাতবীয় পদাৰ্থৰে নিৰ্মিত।
উত্তৰ ঃ
(গ) তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপৰসাৰিত কৰিব নোৱাৰে।
উত্তৰ ঃ
(ঘ) ছডিয়াম আৰু পটেছিয়াম কেৰাচিন ডুবাই ৰখা হয়।
উত্তৰ ঃ
৭) তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবা? ব্য়াখ্য়া কৰা।
উত্তৰ ঃ
৮) স্তম্ভ A ত থকা পদাৰ্থসমূহক স্তম্ভ B ত থকা সিহঁতৰ ব্য়ৱহাৰৰ লগত মিলোৱা –
উত্তৰ ঃ
A B
(i) সোন ↔️ ঘ) আ-অলংকাৰ
(ii) লো ↔️ ঙ) যন্ত্ৰ-পাতি
(iii) এলুমিনিয়াম ↔️ গ) খাদ্য মেৰোৱা
(iv) কাৰ্বন ↔️ চ) ইন্ধন
(v) তাম ↔️ খ) বৈদ্যুতিক তাঁৰ
(vi) পাৰা ↔️ ক) থাৰ্মমিটাৰ
৯) কি ঘটিব যেতিয়া – ( শব্দ সমীকৰণ লিখা )
ক) তামৰ প্লেটৰ এপৰত লঘু ছালফিউৰিক এছিড ঢলা হয়।
খ) কপাৰ ছালফেট দ্ৰৱত লোৰ গজাল ৰখা হয়।
১০) শলনীয়ে এটুকুৰা জ্বলন্ত এঙাৰ লৈ তাৰ পৰা ওলোৱা গেছখিনি পৰীক্ষানলী এটাত সংগ্ৰহ কৰিলে।
ক) তেওঁ কেনেদৰে গেছটোৰ প্ৰকৃতি জানিব পাৰিব?
উত্তৰঃ পৰীক্ষানলীত সংগ্ৰহ কৰা গেছখিনিত অলপ পানী যোগ কৰিলে দেখা যাব যে পানীখিনিত গেছ দ্ৰৱীভূত হৈছে। এতিয়া, দ্ৰৱটো নীলা লিটমাছ কাগজেৰে পৰীক্ষা কৰিলে দেখা যাব যে নীলা লিটমাছ কাগজ খনৰ বৰণ ৰঙা হৈছে। ই গেছটোৰ আম্লিক প্ৰকৃতি সূচায়।
খ) এইক্ষেত্ৰত জ্বলন্ত এঙাৰ টুকুৰা পৰা ওলোৱা গেছখিনি হৈছে কাৰ্বন-ডাই-অক্সাইড গেছ (Co2)।
১১। এদিনাখন ৰীতাই মাকৰ লগত গ্ৰহনাৰ দোকানলৈ গৈছিল। তেওঁৰ মাকে সোনাৰীজনক এডাল পুৰণি সোনৰ গ্ৰহনা পালিচ কৰিব দিলে। পাছদিনা, তেওঁলোকে যেতিয়া গ্ৰহনাদাল ঘূৰাই আনে তেতিয়া তেওঁলোকে দেখিলে যে গ্ৰহনাডালৰ ওজন সামান্য কমিছে। ওজন হ্ৰসাৰ বাবে তোমালোকে যুক্তি সহকাৰে এটা কাৰণ দেখুৱাৰ পাৰিবানে?
উত্তৰঃ